
দুঃখবৰ! লাডাখৰ হাড় কঁপোৱা শীতত হৃদক্ৰিয়া বন্ধ হৈ শ্বহীদ অসমৰ সেনা বিষয়া…
January 23, 2023নিউজ ডেস্কঃ বৰফাবৃত্ত লাডাখৰ হাড় কঁপোৱা জাৰে প্ৰাণ কাঢ়িলে অসমৰ এগৰাকী সুযোগ্য সন্তানৰ।
দেশৰ হকে সেৱা আগবঢ়াই প্ৰচণ্ড শীতত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ বিষয়া তথা অসমৰ সুযোগ্য সন্তান জাইখলং মুছাহাৰীৰ।
ওদালগুৰি জিলাৰ টংলা নগৰৰ বানশেৰীয়াৰ নিৱাসী জাইখলং মুছাহাৰী (৪৪)ৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে।
উল্লেখ্য যে, জাইখলং মুছাহাৰী ভাৰতীয় সেনাত যোগদান কৰি সম্প্ৰতি পাৰা ৩১নং ৰাষ্ট্ৰীয় ৰাইফলছৰ জুনিয়ৰ কমিছনড অফিচাৰ হিচাপে কৰ্তব্যৰত হৈ আছিল।
ইফালে সোমবাৰে সেনা বিষয়াগৰাকীৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।
সামৰিক মৰ্যাদাৰে জন্মভূমিত অলেখ লোকৰ উপস্থিতিত শেষ বিদায় জনোৱা হয় শ্বহীদ বীৰ সেনা বিষয়াগৰাকীক।