দুঃসাহসিক! হিলিয়াম বেলুনৰ সহায়ত ৭৫০০ মিটাৰ উচ্চতালৈ উঠিল এজন ব্যক্তি

দুঃসাহসিক! হিলিয়াম বেলুনৰ সহায়ত ৭৫০০ মিটাৰ উচ্চতালৈ উঠিল এজন ব্যক্তি

September 4, 2020 0 By NEWS DESK

একাংশ লােকৰ বাবে দুঃসাহসিক কাম কৰাটাে হৈ পৰিছে নিত্য নৈমিত্তিক ক্ৰিয়াৰে অংশস্বৰূপ।

একাংশ লােকৰ বাবে জনপ্ৰিয়তা, আন একাংশৰ বাবে ধনৰ উপাৰ্জন কৰাটােৱে এনে দুঃসাহসিক কাম কৰাৰ প্ৰেৰণা শক্তি।

পিচে এজন ব্যক্তিয়ে নিজৰ কন্যা সন্তানৰ মনৰ ভয় আঁতৰাবলৈ এনে দুঃসাহসিক কাম সম্পাদন কৰি আহিছে।

এই ব্যক্তিজন হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ডেভিল ব্লেইন (৪৭)।

ব্লেইনে শেহতীয়াকৈ আৰু এক নতুন খ্যাতি লাভ কৰিছে।

তেওঁ হিলিয়াম গেছেৰে ভৰা ৫২ টা বেলুনৰ সহায়ত আকাশলৈ উৰা মাৰে।

বেলুনৰ স’তে সংলগ্ন কেমেৰা তথা মাটিত থকা সহযোগীসকলৰ হাতত থকা কেমেৰাত সমগ্ৰ এই দুঃসাহসিক ঘটনাটো বন্দী হয়।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এৰিজোনাত এই দুঃসাহসিক উৰণৰ সম্পূৰ্ণ কৰে ব্লেইনে।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে বহুকেইটা ডাঙৰ ডাঙৰ আকাৰৰ গেছ বেলুনক একেলগ কৰি বন্ধা হৈছে।

এই বেলুন কেইটাৰ সহায়ত আকাশত উৰি আছে ডেভিড ব্লেইনে।

এনেদৰে ব্লেইনে ৭৬০০ মিটাৰ উচ্চতাত উপনীত হয়গৈ।

এটা সমত তেওঁক অক্সিজেন মাস্কৰ প্ৰয়োজন হয়।

বেলুনৰ সাহায্যত সাত হেজাৰ পাঁচশ মিটাৰৰ অধিক উচ্চতাত উপনীত হোৱাৰ পাছত ব্লেইনে নিজকে বেলুনৰ পৰা পৃথক কৰে।

ইয়াৰ পাছত ক্ৰমে আকাশৰ পৰা নামি আহিবলৈ ধৰে।

অন্তিম পৰ্যায়ত পেৰাছ্যুট খুলি নিৰাপদে তেওঁ মাটিত অৱতৰণ কৰে।

ব্লেইনৰ এই উৰণৰ বহুকেইটা সম্পাদিত ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।