দুলীয়াজান অধিৱেশনত আছুৰ পৰা অৱসৰ ল’ব ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই!

দুলীয়াজান অধিৱেশনত আছুৰ পৰা অৱসৰ ল’ব ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই!

October 18, 2020 0 By NEWS DESK

দীৰ্ঘদিনীয়া মৌনতা ভংগ কৰি বিস্ফোৰক মন্তব্য আগবঢ়াইছে ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই।

দুলীয়াজান অধিৱেশনত আছুৰ পৰা অৱসৰ ল’ব ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই।

সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজনৈতিক দল সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভট্টাচাৰ্যই।

ভট্টাচাৰ্যই কয়- ‘আছুই সদায় ৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিব লাগে।আছু সদায় সামূহীক নেতৃত্বৰে চলা সংগঠন। শেষ পৰ্যন্ত আছুক সেৱা আগবঢ়াই যাম।ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি সদায় কাম কৰি যাম।’

মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ধাৰাপুৰ ছাত্ৰ সন্থা আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা শেহতীয়াকৈ পদত্যাগ কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই সমুজ্জল ভট্টাচাৰ্যৰ সন্দৰ্ভত যি মন্তব্য অআগবঢ়াইছিল সেয়া সম্পূৰ্ণ ৰূপে নস্যাত্‍ কৰে সমুজ্জ্বল ভট্টাচাৰ্যই।