দুলু আহমেদে মানসিক ভাৰসাম্য হেৰুৱাইছে, বিজেপিয়ে ভয় খাই তেওঁক ব্যৱহাৰ কৰিছে !

দুলু আহমেদে মানসিক ভাৰসাম্য হেৰুৱাইছে, বিজেপিয়ে ভয় খাই তেওঁক ব্যৱহাৰ কৰিছে !

August 24, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে তীব্ৰতৰ হৈছে ৰাজ্যনৈতিক দল সমূহৰ মাজত বাক বিতণ্ডা।

কিন্তু ইয়াৰ মাজতে কংগ্ৰেছ দল ত্যাগ কৰি নিজ দলৰে বিৰু্দ্ধে বিস্ফাৰণ ঘটনাই দুলু আহমেদে।

দুলু আহমেদে অসম প্ৰদেশ কংগ্ৰেছৰ বৰা উপাধিৰ নেতাৰ বিৰুদ্ধে অভিযোগ আনিছিল।

যাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Ripun Bora files FIR against Dulu Ahmed - News Live TV

তাৰেই প্ৰত্যুত্তৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দেওবাৰে এক সংবাদমেল সংবাদমেল সম্বোধন কৰে।

সংবাদ মেলত কংগ্ৰেছ নেতাই মন্তব্য কৰি কয়- ‘দুলু আহমেদে দলৰ বৰা নামৰ লোকজনৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ মিছা। দুলু আহমেদে মানসিক ভাৰসাম্য হেৰুৱাইছে। অভিযোগ সমূহৰ কোনো প্ৰমাণ নাই আহমেদৰ হাতত।’

ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছ শক্তিশালী হৈছে বুলি উল্লেখ কৰি সংবাদমেলত কয়- বিজেপিয়ে ভয় খাই দুলু আহমেদক ব্যৱহাৰ কৰিছে। বিজেপি, অগপৰ লগত হাত মিলাই দুলু আহমেদে কটূ মন্তব্য কৰিছে।

সংবাদমেলত কংগ্ৰেছ নেতা কেইগৰাকীয়ে কয়- দুলু আহমেদ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট।  হিমন্তই কংগ্ৰেছ ত্যাগ কৰোতে কেইজনমান এজেন্ট থৈ গৈছিল। বৰ্তমান বিজেপিৰ এজেন্টৰ দৰে কাম কৰি গৈছে দুলু আহমেদে।’