দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ সৰবৰাহৰ সৈতে জড়িত ৩ জনক গ্ৰেপ্তাৰ

দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ সৰবৰাহৰ সৈতে জড়িত ৩ জনক গ্ৰেপ্তাৰ

September 19, 2020 0 By NEWS DESK

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চলত অব্যাহত আছে দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ অবৈধ চিকাৰ তথা চােৰাং সৰবৰাহ।

আনকি চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰাও অসমৰ মাজেৰে বহিঃৰাজ্য তথা বিদেশলৈ এনে চােৰাং সৰবৰাহ অব্যাহত থকাৰ তথ্য ইতিমধ্যে ফাদিল হৈছে।

জব্দ বনৰৌ

ইপিনে, বন বিভাগৰ এটা দলে গােপন সূত্ৰৰ ভিত্তিত এক অভিযান চলাই জাগীৰােড পেপাৰ মিলৰ সমীপৰ পৰা এটা বনৰৌসহ আটক কৰে ৩ জন ব্যক্তিক।

ধৰমতুল বন সংমণ্ডল আৰু জাগীৰোড বন বিভাগৰ সহযোগত চলােৱা হৈছিল এই অভিযান।

আটক লােক ৩ জন

জানিব পৰা মতে, এই লােকেকইজনে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছুৰ পৰা বন ৰৌ টো সৰবৰাহ কৰিছিল ৷

আটক লােককেইজন হ’ল চিমৰণ চুলতান (মৰিগাঁও), নিৰঞ্জন মণ্ডল (বৈঠালাংছু) আৰু দ্বিপন মালাকাৰ ৷