দুৰ্গম পাহাৰীয়া অঞ্চলত ২৫ কিমি খোজকাঢ়ি যুৱকৰ মৃতদেহ পৰিয়ালক গতালে ITBP ৰ জোৱানে

দুৰ্গম পাহাৰীয়া অঞ্চলত ২৫ কিমি খোজকাঢ়ি যুৱকৰ মৃতদেহ পৰিয়ালক গতালে ITBP ৰ জোৱানে

September 3, 2020 0 By NEWS DESK

দেশৰ সীমাৰ নিৰাপত্তাত নিয়ােজতি হৈ থকা ইণ্ডাে-তিব্বত ব’ৰ্ডাৰ পুলিচ চমুকৈ ITBPৰ জােৱানে বিভিন্ন সময়ত দেশৰ সীমান্তৱৰ্তী অতি দুৰ্গম স্থানত বসবাস কৰা জনসাধাৰণলৈ বিভিন্ন সময়ত সহায় হাত আগবঢ়াই আহিছে।

শেহতীয়াকৈ বাহিনীটােৰ জােৱানসকলে কান্ধত এটা মৃতদেহ লৈ ২৫ কিলোমিটাৰ পথ খোজকাঢ়ি আহি পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়া ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে।

এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ITBPৰ অ’ফিচিয়েল ফেচবুক পেজ আৰু টুইটাৰ হেণ্ডেলতাে জােৱানসকলৰ এনে মহৎ কাৰ্যৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।

জানিপ পৰা মতে, ভাৰত-চীনৰ সীমান্তৱৰ্তী উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ এটা দুৰ্গম অঞ্চলৰ পৰা ITBP ৰ ৮ জোৱানে আঠ ঘণ্টা খোজকাঢ়ি কান্ধত মৃতদেহ কঢ়িয়াই আনে।

বেয়া পথেৰে খোজকাঢ়ি তেওঁলোকে ছিউনি গাঁৱৰ পৰা মঞ্চিয়াৰি গাঁৱত উপস্থিত হয়হি।

উল্লেখ্য যে বৰষুণ আৰু বেয়া ৰাস্তাৰ বাবে গাড়ীৰ চলা-চল বন্ধ হৈ পৰা বাবেই আই টি বি পিৰ জোৱানে মৃতদেহটো সাঙীত তুলি কান্ধত কঢ়িয়াই অনাৰ সিদ্ধান্ত লয়।

মুঞ্চিয়াৰি গাঁৱৰ ৩০ বছৰীয়া যুৱকজনৰ ছিউনি গাঁৱত শিল খহি মৃত্যু হোৱাৰ খবৰ বাহিনীটােৰ ১৪ কৰ্প’ক জনোৱাৰ পাছতে জোৱানকেইজনে অতি বেয়া ৰাস্তাৰে ২৫ কিলোমিটাৰ খোজকাঢ়ি মৃতদেহটো কঢ়িয়াই আনে।

তেওঁলোকৰ এই কামক গাঁৱৰ ৰাইজে প্ৰশংসা কৰিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বেও বাহিনীটােৰ জােৱানসকলে এগৰাকী অসুস্থ মহিলাক দুৰ্গম পাহাৰীয়া পথৰ বাবে সাঙীত ৪੦ কিমি কঢ়িয়াই চিকিৎসাৰ ব্যৱস্থা কৰিছিল।