দুৰ্গা পূজাক লৈ যান-বাহন শাখাই জাৰি কৰিছে নতুন নিৰ্দেশনা! জানি লওক এতিয়াই…

দুৰ্গা পূজাক লৈ যান-বাহন শাখাই জাৰি কৰিছে নতুন নিৰ্দেশনা! জানি লওক এতিয়াই…

October 20, 2020 0 By NEWS DESK

দুৰ্গা পূজা সন্দৰ্ভত মহানগৰ যান-বাহন আৰক্ষীৰ সংবাদমেল।

সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ যান বাহন শাখাই।

কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিৰ বাবে পূৰ্বতকৈ কিছু পৃথক হ’ব এইবাৰৰ পূজা।

পূজাৰ সময়ত দুগৰাকী লোক উঠিব নোৱাৰিব বাইকত।

প্ৰয়োজন সাপেক্ষে দিছপুৰ থানাৰ অন্তৰ্গত আৰ পি ৰোড এটা  ৱান ৱে’ হ’ব।

সচিবালৰ সন্মুখৰ পৰা অহা পথটোৰে অহা বাহনসমূহ হলছেল গলি পথেৰে যাব পাৰিব।

AT ৰোড পাৰ্কিং ফ্ৰী কৰি দিয়া হ’ব। বেলতলাৰ পৰা জয়ানগৰ পথ ONE WAY কৰা হ’ব।

জয়ানগৰ আৰু খানাপাৰা অঞ্চলত পাৰ্কিংৰ ব্যৱস্থা কৰি দিয়া হ’ব।

সাধাৰণ লোকে আদাবাৰীৰ পৰা পাণ্ডু হৈ জালুকবাৰী থানাৰ সন্মুখেৰে প্ৰস্থান কৰিব পাৰিব।

সামগ্ৰী কঢ়িওৱা বাহন সৰু আৰু ডাঙৰ বাহন দিনৰ ১ বজাৰ পৰা ৰাতিপুৱা ৪ বজালৈ বন্ধ থাকিব।

নিশা ২ বজাৰ পৰা পুৱা ৪ বজালৈ গধুৰ বাহনৰ প্রৱেশত অনুমতি।

চিটি বাছৰ ক্ষেত্রতো সলনি হ’ব পথ নিৰ্দেশনা।

ছয়মাইলৰ পৰা কোনো বাছ মহানগৰীৰ ভিতৰলৈ সোমাব নোৱাৰিব।

জালুকবাৰীৰ পৰাও মহানগৰীৰ ভিতৰলৈ যিকোনো বাছ প্রৱেশত বাধা।

প্রতিমা বিসৰ্জনৰ ক্ষেত্রতো থাকিব নিষেধাজ্ঞা।

বিসৰ্জনৰ দিনা এম জি ৰোডত অকল প্রতিমা কঢ়িওৱা গাড়ীহে যাব পাৰিব।

বিসৰ্জনৰ দিনা অন্য বাহন প্রৱেশ কৰিব নোৱাৰিব এম জি ৰোডত।

বিসৰ্জনৰ দিনটোত কাছাৰী মাজখোৱা মূল পথ বন্ধ ৰখা হ’ব।

পথৰ ওপৰত কোনোধৰণৰ পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা নহ’ব।

বি বৰুৱা ৰোডৰ পৰা উলুবাৰী, TC পইণ্টলৈ আৰু GNB ৰোড, TC পইণ্টৰ পৰা RBI পইণ্টলৈ কোনোধৰণৰ মূৰ্তি কঢ়িওৱা বাহন চলাচল কৰিব নোৱাৰিব।

MG ৰোডৰ পৰা TRP ৰোড আৰু HB ৰোড ONE WAY কৰা হ’ব।

Dr. RP ৰোড ONE WAY কৰা হ’ব গণেশ মন্দিৰৰ ফাললৈ।

NO ENTRY নিৰ্দেশনা প্ৰদান কৰা হৈছে একে আজাদ ৰোডৰ পৰা নেপালী মন্দিৰ ফাললৈ। কেৱল শতাব্দীৰ দিনটোতে প্ৰৱেশত অনুমতি প্ৰদান কৰা হ’ব।

NO ENTRY কৰি দিয়া হ’ব ৰে’লৱে গেট নম্বৰ ৪ৰ পৰা MS ৰোডলৈ।

পূজাৰ প্ৰসাদ কেৱল পেকেট হিচাপেহে বিতৰণ কৰিব লাগিব।

নিশা ১০ বজাৰ লগে লগে পূজা মণ্ডপসমূহ বন্ধ কৰিব লাগিব।