দুৰ্গা পূজা পতাত কোনো বাধা নাই কিন্তু মানিব লাগিব এইসমূহ নীতি নিৰ্দেশনা

দুৰ্গা পূজা পতাত কোনো বাধা নাই কিন্তু মানিব লাগিব এইসমূহ নীতি নিৰ্দেশনা

October 13, 2020 0 By NEWS DESK

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সেই অনুসৰি এইবেলি দূৰ্গা পুজা পতাত কোনো বাধা নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

কিন্তু প্ৰশাসনৰ অনুমতি লৈ পাতিব পাৰিব পুজা। লগতে মানিব লাগিব কেতবোৰ নীতি নিয়ম।

বন্ধ পেণ্ডেলত নহয়, এইবাৰ খোলা পেণ্ডেলত পাতিব লাগিব দুৰ্গা পূজা।

দূৰ্গা পূজাৰ পুৰোহিত,স্বেচ্ছাসেৱক, পূজা কমিটিৰ সকলো লোকে পঞ্চমীৰ দিনা কৰ’ণাৰ পৰীক্ষা কৰিব লাগিব

আৰতি কৰিব পাৰিব কিন্তু যদিও পূজাস্থলীত কোনো সাংস্কৃতিক অনুষ্ঠান অথবা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰিব।

প্ৰতিমা বিসৰ্জনৰ সময়ত কোনো শোভাযাত্ৰা নহ’ব৷

প্ৰতিমা বিসৰ্জনৰ পিছত দ্বিতীয়টো কোভিড টেষ্ট কৰা বাধ্যতামূলক।

নিশা ১০ বজাৰ পিছত বন্ধ কৰিব লাগিব প্ৰতিটো পূজা মণ্ডপ।

পেণ্ডেলৰ প্ৰৱেশ-প্ৰস্থানৰ পথ পৃথক হ’ব লাগিব৷

মাস্ক, ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক৷

পূজাৰ দিনকেইটাত মটৰচাইকেলত দুজন পুৰুষ আৰোহী উঠাত বাধা।

পেণ্ডেলত একে সময়তে ৫০ জনতকৈ অধিক ব্যক্তি থাকিব নোৱাৰিব

হোটেল ৰেষ্টুৰেণ্ট নিশা ৯ বজাত বন্ধ কৰিব লাগিব

অৱশ্যে নিৰ্দিষ্ট জিলাত উপায়ুক্তসকলে নিজা সিদ্ধান্ত অনুসৰি কিছু সময় বেছি দেৰিলৈকে (৯.৩০ বজালৈকে) খুলি ৰাখিব পাৰিব ৰেষ্টুৰেন্ট।

দুই তিনি দিনলৈ বিসৰ্জনৰ ব্যৱস্থা কৰিব প্ৰশাসনে।