দুৰ্ঘটনাত দুই ভৰি হেৰুৱাই থমকি ৰােৱা নাই গােপাল নাগ!

দুৰ্ঘটনাত দুই ভৰি হেৰুৱাই থমকি ৰােৱা নাই গােপাল নাগ!

August 27, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। ক’ৰনা অতিমাৰীৰ সময়ত কৰ্ম সংস্থাপন হেৰুৱাই তথা অন্যান্য কাৰণত হতাশাত ভুগিছে বহু লােকে।

তাৰ মাজতে ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈছে হতাশা জনিত কাৰণত সংঘটিত হােৱা বহু অপ্ৰীতিকৰ ঘটনা।

তাৰ মাজতে সাহস তথা আত্মবিশ্বাসৰ যেন প্ৰতীক হৈ পৰিছে গহপুৰৰ গোপাল নাগ।

উল্লেখ্য যে চন্দামাৰি বঙালীৰ গাঁৱৰ বাসিন্দা গােপাল নাগে ২০১৪ চনত যোৰাবাটত সংঘটিত এক পথ দুৰ্ঘটনাত হেৰুৱাইছিল নিজৰ দুয়োখন ভৰি।

দুয়োখন ভৰি নাই যদিও গোপাল কিন্তু থমকি নৰ’ল।

পংগুত্বয়ো হাৰ মনাব নোৱাৰা গোপালে দুয়োখন ভৰি নোহোৱাকৈ আৰম্ভ কৰিলে খেতি-বাতি।

সৰিয়হ, চাহপাত, মাটিমাহ, আলু, বেঙেনা আৰু ঋতু অনুযায়ী শাক-পাচলিৰ খেতি কৰাৰ লগতে পুখুৰীত মাছো পুহিছে।

এটা বেগত নিজৰ দেহাটোৰ নিম্নাংশ ভৰাই লৈ চুঁচৰি চুঁচৰি হ’লেও খেতিত ব্যস্ত হৈ ইয়াৰ পৰা লাভ কৰা উপাৰ্জনেৰে চলাই গৈছে বৃহৎ পৰিয়ালটো।

গোপালক চৰকাৰৰ সহায়-সহযোগিতাৰ বহু প্ৰয়োজন আছিল যদিও সেয়া হৈ উঠা নাই।

মাজে-সময়ে কৃষি বিভাগৰ ফালৰ পৰা দুই-এমুঠি সাৰ, বীজ লাভ কৰাৰ বাহিৰে গোপালক স্পৰ্শ কৰা নাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰজনৰ বাবে গ্ৰহণ কৰা তথাকথিত জনদৰদী আঁচনিবোৰে।