দুৰ্ঘটনাত পতিত বিৰোধী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাহন !

দুৰ্ঘটনাত পতিত বিৰোধী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাহন !

October 10, 2020 0 By NEWS DESK

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।

ৰহা ফুলগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় মন্ত্ৰী গৰাকীৰ বাহনখন।

জানিব পৰা মতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ৰকিবুল হুছেইন।

দুৰ্ঘটনাটোত সৌভাগ্য ক্ৰমে হুছেইন ৰক্ষা পৰে যদিও গাড়ীখনৰ চালক জন গুৰুত্বৰ ভাবে আহত হয়।

আহত চালকজনক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

ইপিনে সামান্যভাৱে ভৰিত আঘাতপ্ৰাপ্ত হয় প্ৰাক্তন মন্ত্ৰীগৰাকী।

দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে বিৰোধী দলৰ উপ দলপতিজনৰ ইনভা গাড়ী খনৰ সন্মুখ ভাগ ভাঙি চূৰমাৰ হয়।

দুৰ্ঘটনাৰ পাছতে গৌৰৱ গগৈৰ সৈতে গুৱাহাটীলৈ ৰাওনা ৰকিবুল হুছেইন।