দুৰ্ঘটনা! মাৰুতিৰ ৱাগন-আৰ আৰু ভানৰ মুখামুখী সংঘৰ্ষ

দুৰ্ঘটনা! মাৰুতিৰ ৱাগন-আৰ আৰু ভানৰ মুখামুখী সংঘৰ্ষ

October 12, 2020 0 By NEWS DESK

ডিগবৈ। তিনিচুকীয়া জিলাৰ ডিগবৈত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

ডিগবৈ আৰক্ষী চকীৰ অন্তৰ্গত ২ নং গোলাইৰ নেহেৰু চিল্ডৰেন বিদ্যালয়ৰ সন্মুখত AS-23- F-2634 নম্বৰৰ মাৰুতিৰ ৱাগান আৰ আৰু বিপৰীত দিশৰ পৰা অহা AS-15-N-9124 নম্বৰৰ মাৰুতি ভানৰ মুখামুখী সংঘৰ্ষ।

জানিব পৰা মতে, তিনিচুকীয়াৰ দিশৰ পৰা মাৰ্ঘেৰিটাৰ অভিমুখে গৈ থকা তীব্ৰবেগী ৱাগান-আৰ বাহনখনে আন এখন বাহনক অভাৰটেক কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱায়।

ফলত ৱাগান-আৰ গাড়ীখনৰ বিপৰীত দিশৰ পৰা অহা মাৰুতি ভানখনৰ সৈতে সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাত মাৰুতি ভানখনৰ চালক গুৰুতৰভাৱে আহত হয়।

লগতে দুয়োখন বাহনৰে সকলাে আৰোহীয়ে কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

আহতসকলক স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়।