দুৰ্নীতিৰ তথ্য প্ৰদানৰ কৰিবলৈ টুইটাৰ নাইবা ই-মেইলত যােগাযােগৰ আহ্বান এডিজিপি জি পি সিঙৰ

দুৰ্নীতিৰ তথ্য প্ৰদানৰ কৰিবলৈ টুইটাৰ নাইবা ই-মেইলত যােগাযােগৰ আহ্বান এডিজিপি জি পি সিঙৰ

September 4, 2020 0 By NEWS DESK

চৰকাৰী বিভাগসমূহৰ যিকােনাে দুৰ্নীতিৰ তথ্য প্ৰদান কৰিবলৈ মুকলি আহ্বান জনাইছে অসম আৰক্ষীয়ে।

দুৰ্নীতিৰ বিৰুদ্ধে একপ্ৰকাৰ ‘জেহাদ’ ঘোষণা কৰিছে অসম আৰক্ষী দুৰ্নীতি নিবাৰক শাখাই।

দুৰ্নীতি সম্পৰ্কীয় যিকোনো তথ্য থাকিলে বিভাগটােৰ টুইটাৰ একাউণ্টত প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।

লগতে ই-মেইলৰ জৰিয়তে এনে তথ্য প্ৰদান কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান জি পি সিঙে।

বৃহস্পতিবাৰে এটা টুইট কৰি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান জি পি সিঙে কয়- ‘ৰাজ্যৰ কোনো চৰকাৰী চাকৰিয়ালে কৰা দুৰ্নীতি সন্দৰ্ভত যদি কাৰোবাৰ হাতত কিবা তথ্য আছে তেনেহ’লে @DIR_VAC_ASSAM টুইটাৰ একাউণ্ট অথবা ই-মেইল [email protected], [email protected] যোগে আমাক জনাওক।’

উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰে কথা কৈ থকাৰ সময়ত ৰাজ্যৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতিত লিপ্ত হোৱাৰ ঘটনা বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ হৈ আহিছে।

খোদ আৰক্ষীৰ লোকেও উৎকোচ লোৱাৰ পিছত হাতে-লোটে ধৰা পৰাৰ ঘটনা পোহৰলৈও আহিছে।

এনে সময়ত শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাইজৰ সহযােগিতা আহ্বান জনােৱা বিষয়টাে বিশেষ তাৎপৰ্য বহন কৰিছে।