দুৰ্যােগৰ সময়তাে দুখীয়াৰ বাবে যােগান ধৰা বিনামূলীয়া চাউলৰ ক’লা বেহা!

দুৰ্যােগৰ সময়তাে দুখীয়াৰ বাবে যােগান ধৰা বিনামূলীয়া চাউলৰ ক’লা বেহা!

September 16, 2020 0 By NEWS DESK

ক’ৰােনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি বলৱৎ হােৱা তলাবন্ধত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দৰিদ্ৰ শ্ৰেণীৰ লােক।

এইসকল লােকক দুবেলা দুমুঠি অন্ন যােগানৰ লক্ষ্যৰে কেন্দ্ৰ চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যদিও একাংশ অসাধু ব্যৱসায়ীৰ বাবে এনে আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত হৈছে বহু লােক।

এনে দুৰ্যােগপূৰ্ণ সময়তাে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰীভাৱে যােগান ধৰা চাউলৰ ক’লা বেহা পূৰ্ণ গতিত অব্যাহত আছে।

নামনি অসমতাে বিভিন্ন সমবায় সমিতিয়ে চোৰাংভাৱে বিক্ৰী কৰিছে চৰকাৰী চাউল।

এনে বেআইনী কাৰ্যৰ বিষয়ে গােপন খবৰ লাভ কৰি তীব্ৰ অভিযানত নামিছে ধুবুৰী আৰক্ষী।

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চাপৰ নগৰৰ ২ নং ৱাৰ্ডত অভিযান চলাই এটা গুদামৰ পৰা জব্দ কৰে ৩৬৮ কুইন্টল চৰকাৰী চাউল।

জব্দকৃত চাউল খিনিৰ মূল্য পাচ লক্ষাধিক টকা ।

এই গুদামটােত চৰকাৰী চাউলৰ বস্তা সলনি কৰি অইন বস্তাত ভৰাই ক’লা বজাৰত বিক্ৰী কৰা হৈছিল।

গুদামটােৰ পৰা বস্তা চিলাই কৰা মেচিন সহ অন্যান্য বহু সা-সামগ্ৰীও জব্দ কৰে অভিযানকাৰী দলটােৱে।

গুদামটােৰ গৰাকী মিজানুৰ ৰহমান সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে।