দেশত ক’ভিড-১৯ত মৃত্যু ৩৮২ চিকিৎসকৰ, শ্বহীদৰ মৰ্যাদা দিবলৈ চৰকাৰক দাবী IMA ৰ

দেশত ক’ভিড-১৯ত মৃত্যু ৩৮২ চিকিৎসকৰ, শ্বহীদৰ মৰ্যাদা দিবলৈ চৰকাৰক দাবী IMA ৰ

September 17, 2020 0 By NEWS DESK

ক’ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে যুঁজত প্ৰথম শাৰীৰ সেনানী ৰূপে থিয় দিছে দেশৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকল।

এই অতিমাৰীয়ে ভাৰতত সংক্ৰামক ৰূপ লােৱাৰ পাছৰে পৰা আক্ৰান্ত লােকৰ চিকিৎসাত নামি পৰিল দেশৰ চিকিৎসকসকল।

কিন্তু দুৰ্ভাগ্যবশতঃ এই পৰ্যন্ত এনে মুঠ ৩৮২ ক’ভিড যােদ্ধা ৰূপী চিকিৎসকক হেৰুৱালে দেশে।

কিন্তু এই পৰ্যন্ত এই ক’ভিড যােদ্ধাসকলে চৰকাৰৰ পৰা লাভ কৰা নাই প্ৰাপ্য মৰ্যাদা তথা পৰিয়ালৰ লােকে লাভ কৰা নাই উচিত ক্ষতিপূৰণ।

সেয়েহে এই সকল ক’ভিড যােদ্ধাক শ্বহীদৰ সমপৰ্যায়ৰ সন্মান দিবলৈ দাবী জনাইছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন চমুকৈ IMA ই।

সংস্থাটােৱে চৰকাৰৰ হাতত এনে ক’ভিড যােদ্ধাৰ সঠিক তথ্য নথকাটাে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

উল্লেখ্য যে সংস্থাটােৱে ৰােগীৰ চিকিৎসাৰ সময়তে ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হােৱা ৩৮২ জন চিকিৎসকৰ এখন তালিকাও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ক অৰ্পণ কৰিছে।

লগতে কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই স্বাস্থ্য ৰাজ্যৰ বিষয় বুলি ক্ষতিপূৰণৰ তথ্য কেন্দ্ৰ চৰকাৰৰ হাতত নাই বুলি সংসদত কৰা মন্তব্য দুৰ্ভাগ্যজনক বুলি সংস্থাই এক বিবৃতিত প্ৰকাশ কৰে।