দেশৰ ভিতৰতে ২০১৯ৰ বিজনেছ ৰেংকিঙত অসমৰ স্থান ২০ সংখ্যকলৈ অৱনমিত !

দেশৰ ভিতৰতে ২০১৯ৰ বিজনেছ ৰেংকিঙত অসমৰ স্থান ২০ সংখ্যকলৈ অৱনমিত !

September 6, 2020 0 By NEWS DESK

দেশৰ ভিতৰতে ২০১৯ৰ বিজনেছ ৰেংকিঙত ২০ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমে।

আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে ২০১৯ চনৰ বিজনেছ ৰেংকিঙত প্ৰথম স্থান লাভ কৰিছে অসমে।

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে শনিবাৰে ৰাজহুৱা কৰা ষ্টেট বিজনেছ ৰিফৰ্ম একশ্যন প্লেন।

সেই অনুসৰি উত্তৰ ভাৰতৰ পৰা তালিকাত প্ৰথম স্থান লাভ কৰিছে উত্তৰ প্ৰদেশে, দক্ষিণ ভাৰতৰ পৰা এই তালিকাৰ শীৰ্ষত অন্ধ্ৰপ্ৰদেশ।

আনহাতে পূব ভাৰতৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত পশ্চিম বংগ। ঠিক তেনেদৰে উত্তৰ পূৰ্বৰ ক্ষেত্ৰত তালিকাৰ প্ৰথম স্থানত অসম।

ইফালে কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত তালিকাৰ প্ৰথম স্থানত দিল্লী।

উল্লেখ্য যে, দেশৰ মুঠ ৩৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিজনেছ ৰেংকিং শনিবাৰে প্ৰকাশ কৰা হয়।

এই তালিকা প্ৰকাশ কৰা অনুষ্ঠানটোত শনিবাৰে উপস্থিত থাকে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ গোৱেল আৰু কেবিনেট মন্ত্ৰী হৰদ্বীপ সিং পুৰী উপস্থিত আছিল।

উল্লেখ্য যে, ২০১৮ চনত বিজনেছ ৰেংকিঙৰ ক্ষেত্ৰত তালিকাৰ ১৭ সংখ্যক স্থানত আছিল অসম।