NEWS8 NE

দ্ৰুত গতিত আহি থকা ৰে’লৰ আগেৰে বাইক চলাই পাৰ হ’বলৈ গৈ অথন্তৰ! কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

নিউজ ডেস্ক। এফালৰ পৰা দ্ৰুত গতিত আহি আছে এখন ৰে’ল। ৰেলপথ আৰু ৰাজপথৰ ক্ৰচিংত ষ্টেচন মাষ্টৰে পেলাই দিছে গেট।

তথাপিও কিন্তু অলপ সময় ৰ’বলৈও ধৈৰ্য নাই বহুতৰ। চেষ্টা কৰিছে পাৰাপাৰ হ’বলৈ। যেন সময় অপব্যয় কৰাটো তেওঁলোকৰ বাবে বহুত ডাঙৰ কথা।

তেনেতে ৰ’বলৈ সময় নোহোৱা দুজনমানে নিজৰ জীৱনক ধেমালি হিচাপে লৈ দৌৰি পাৰ হৈ গ’ল ৰেলপথ।

আনফালৰ পৰা এজনে পেলাই থোৱা গেট পাৰ হৈ পালেগৈ ৰেলপথৰ কাষ। ছেকেণ্ডৰ ভিতৰতে দ্ৰুত গতিত আহি পালে ৰে’লখন।

যুৱকজন বাহনখনৰ পৰা নামি পিছুৱাই আহিলে। কিন্তু ৰে’লখনত লাগি চুৰ্ণ-বিচূৰ্ণ হ’ল বাহনখন। এক সম্ভাৱ্য মৃত্যুৰ পৰা কথমপি উভতি আহিল যেন যুৱক জন।

এই ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ ৰাজামুন্দ্ৰীৰ পশ্চিম গোদাবৰীত।

অসচেতন হোৱাৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে। চিচি টিভি কেমেৰাত বন্দী হোৱা ৩০ ছেকেণ্ডৰ এই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

লগতে চাওকঃ

সাগৰৰ গভীৰতাত সম্পন্ন হ’ল বিবাহ! প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নৱ দম্পতীৰ

ৰাম মন্দিৰলৈ এক কোটি টকাৰ বৰঙণি আগবঢ়ালে গুহাবাসী সন্ন্যাসীয়ে !

২০ লাখ টকাৰ সোণৰ গহনা ভৰ্ত্তি বেগ গৰাকীক পুনৰ ঘূৰাই দিলে অট’ৰিক্সা চালকে, পুৰস্কৃত কৰিলে আৰক্ষীয়ে

মিঞা জাতি মূৰ্খ! টকা দিলেই গাধ এটাকো ভোট দিয়ে মিঞা জাতিয়েঃ বিধায়ক শ্বেৰমান আলী

Exit mobile version