দৰং জিলাৰ মঙলদৈত স্থাপন কৰা হ’ব দক্ষতা বিশ্ববিদ্যালয়ঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী !

দৰং জিলাৰ মঙলদৈত স্থাপন কৰা হ’ব দক্ষতা বিশ্ববিদ্যালয়ঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী !

September 4, 2020 0 By NEWS DESK

দৰং জিলাৰ মঙলদৈত স্থাপন কৰা হ’ব দক্ষতা বিশ্ববিদ্যালয়।

অসম বিধান সভাই বৃহস্পতিবাৰে গৃহীত কৰে অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ক ২০২০।

 ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ টুইটযোগে সদৰি কৰিছে এই কথা।

এছিয়ান ডিভেলপমেণ্ট বেংকৰ প্ৰায় ১০০০ কোটি টকাৰ আৰ্থিক সাহায্যৰে এই বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব।

বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে অসম চৰকাৰে ছিংগাপ’ৰৰ আই টি ই এডুকেচন চাৰ্ভিচৰ সৈতে লগ লাগিছে।

বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে প্ৰায় ১০০ বিঘা (১৬ হেক্তৰ) মাটি আবণ্টন কৰা হ’ব।