NEWS8 NE

দৰাৰ গালত প্ৰচণ্ড চৰ কইনাৰ! কাৰণ জানি আচৰিত হ’ব আপুনিও, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্ক। চৌদিশে উখল মাখল পৰিৱেশ।

ৰভাতলী শুৱনি কৰিছে অগণন লোকে। আশীৰ্বাদৰ পুস্পবৃষ্টিয়ে বিয়াৰ ৰভাঘৰত আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে ঘটিল সেই অঘটন।

বৰমালা পিন্ধাবলৈ সাজু হোৱা দৰাৰ গালত এটা প্ৰচণ্ড চৰ শোধালে কইনাই।

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাত।

জিলাখনৰ লালপুৰা আৰক্ষী থানা অঞ্চলৰ এখন বিবাহৰ মাজতে দৰাৰ গালত কইনাৰ প্ৰচণ্ড চৰে এতিয়া ছ’চিয়েল মিডিয়াত লাভ কৰিছে চৰ্চা।

বাতৰি অনুসৰি, জালাউন জিলাৰ আট্টা আৰক্ষী থানাৰ অন্তৰ্গত চামাৰী গাঁৱৰ ৰবিকান্তই দৰা সাজি আহিছিল হামিৰপুৰৰ কইনা ঘৰলৈ।

বিয়াৰ সকলো ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছত যেতিয়া দৰা ৰবিকান্তই কইনাৰ ডিঙিত বৰমালা পিন্ধাব বিচাৰে, তেতিয়াই কইনাই দৰাৰ গালত প্ৰচণ্ড শোধায় আৰু মঞ্চৰ পৰা নামি যায়।

আকস্মিকভাৱে সংঘটিত এই ঘটনাই উপস্থিত সকলোকে আচৰিত কৰি তোলে।

কইনাই দৰাৰ গালত চৰ মৰাৰ প্ৰকৃত কাৰণ নাজানিলেও অৱশ্যে উপস্থিত অনেকৰ মতে, দৰাই সুৰাপান কৰি থকাৰ বাবেই কইনাই এই কাণ্ড সংঘটিত কৰে।

অৱশ্যে পৰিৱৰ্তী সময়ত বুজাবুজিৰ মাধ্যমেৰে বিবাহখন সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনৰ মাজত তীব্ৰ চৰ্চা লাভ কৰিছে।

লগতে চাওকঃ

২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

Exit mobile version