NEWS8 NE

ধৰ্মৰ বাবে ত্যাগ অভিনয় কেৰিয়াৰ! জনপ্ৰিয় ভোজপুৰী অভিনেত্ৰী ছহৰ আফছাৰ সিদ্ধান্তই ব্যথিত কৰিছে অনুৰাগীক…

নিউজ ডেস্কঃ ধৰ্মৰ বাবেই নাম-যশ, ঐশ্বৰ্য-বিভূতি সমস্ত ত্যাগ কৰিলে ভোজপুৰী ছবিজগতৰ এগৰাকী সফল অভিনেত্ৰীয়ে।

ইছলাম ধৰ্মই অনুমতি প্ৰদান নকৰাৰ বাবেই দীঘলীয়া অভিনয় কেৰিয়াৰ ত্যাগ কৰি আল্লাহৰ শৰণাপন্ন হৈ পৰিল অভিনেত্ৰী ছহৰ আফছা।

অভিনেত্ৰীগৰাকীয়ে নিজৰ সিদ্ধান্তৰ বিষয়ে এটা ইনষ্টাগ্ৰাম পোষ্ট কৰি অনুৰাগীসকলক জনোৱাৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

পৰ্দাত দুৰ্দান্ত অভিনয় কৰি লাখ লাখ অনুৰাগীৰ হৃদয়ত ঠাই দখল কৰা ছহৰে পুনৰ অভিনয় নকৰাৰ কথা জানি ব্যথিত হৈ পৰে তেওঁৰ অনুৰাগীসকল।

ছহৰ আফছাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত হিন্দী, ইংৰাজী আৰু উৰ্দু ভাষাত তেওঁৰ মনৰ অনুভৱ খিনি ব্যক্ত কৰিছে।

তেওঁ লিখিছে, ‘মই আপোনালোক সকলোকে ক’ব বিচাৰিছো যে মই সিদ্ধান্ত লৈছো যে মই শ্ব’বিজ (চলচ্চিত্ৰ উদ্যোগ) এৰিম আৰু এতিয়াৰে পৰা ইয়াৰ লগত মোৰ কোনো সম্পৰ্ক নাথাকিব। ইনশ্বাল্লাহ মই ইছলামিক শিক্ষা আৰু আল্লাহৰ আলহাম অনুসৰি পৰৱৰ্তী জীৱন পাৰ কৰাৰ মনস্থ কৰিছো। জীৱনৰ পৰা মোৰ উদ্বিগ্নতা ত্যাগ কৰিছো। মই আল্লাহৰ পৰা ক্ষমা বিচাৰিছো।’

তেওঁৰ পোষ্টটোত ছহৰে আৰু লিখিছে, ‘যদিও মই বহুত খ্যাতি আৰু ধন-সম্পত্তি লাভ কৰিছো, কিন্তু সদায় এক অন্তৰ্দ্বন্দত ভুগিছিলো। কাৰণ মই শৈশৱত এনে জীৱনৰ কল্পনা কৰা নাছিলো। মাত্ৰ কাকতালীভাৱে মই এই উদ্যোগটোৰ সৈতে জড়িত হৈ পৰো কিন্তু এতিয়া মই সকলো শেষ কৰাৰ সিদ্ধান্ত লৈছো।

পোষ্টত আগলৈ লিখিছে, ‘মোৰ উদ্দেশ্য হৈছে আল্লাহৰ আদেশ অনুসৰি পৰবৰ্তী জীৱন যাপন কৰা, ইনছাল্লাহ। আপোনালোক সকলোৱে দোৱা কৰিব যাতে আল্লাহে মোক ইষ্টকামত আৰু ধাৰ্মিক জীৱন প্ৰদান কৰে। আশা কৰো যে মোৰ অতীত জীৱনৰ পৰা নহয়, আগন্তুক জীৱনৰ পৰা স্মৰণ কৰা হ’ব।’

উল্লেখ্য যে, ২৮ বৰ্ষীয় ছহৰ আফছাই ২০১৮ চনত তেলেগু ছবি ‘কৰ্তা-কৰ্ম-ক্ৰিয়া’ৰ জৰিয়তে ছবিজগতত ভৰি দিছিল। তাৰ পিছতে ২০২০ চনত তেওঁ ‘মেহেন্দী লগাকে ৰখনা-৩’ ছবিৰ জৰিয়তে ভোজপুৰী ছবি জগতত ভৰি দিয়ে।

এই ছবিখনৰ জৰিয়তেই ভোজপুৰী ছবি জগতত খোপনি পুতিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত কেইবাখনো হিট ছবিৰ লগতে মিউজিক ভিডিঅ’ত অভিনয় কৰিছে।

তেওঁৰ কেৰিয়াৰৰ সফল মুহূৰ্তৰ সময়তে এনেদৰে ধৰ্মৰ বাবে অভিনয় জীৱন ত্যাগ কৰাৰ সিদ্ধান্তই বিশেষকৈ চৰ্চা লাভ কৰিছে।

প্ৰণিধানযোগ্য যে, পূৰ্বেও ছানা খান, জাইৰা ৱাছিমৰ দৰে জনপ্ৰিয় অভিনেত্ৰীয়ে কেৰিয়াৰৰ উচ্চ শিখৰত অৱতীৰ্ণ হোৱাৰ সময়তে ইছলাম ধৰ্মৰ বাবে অভিনয় জীৱন ত্যাগ কৰিছিল।

Exit mobile version