নকল টকা নহয়, এইবাৰ ‘টকা প্ৰস্তুতকাৰী মেচিন’ বিক্ৰী কৰিছে  প্ৰবঞ্চক চক্ৰই!

নকল টকা নহয়, এইবাৰ ‘টকা প্ৰস্তুতকাৰী মেচিন’ বিক্ৰী কৰিছে প্ৰবঞ্চক চক্ৰই!

September 17, 2020 0 By NEWS DESK

ৰাজ্যত এতিয়া বেয়া দিন চলিছে নকল টকাৰ অবৈধ বেহাৰ সৈতে জড়িত অসাধু চক্ৰৰ।

বিভিন্ন উপায়েৰে নকল টকা ছপা কৰা এই চক্ৰটােৱে দীৰ্ঘদিন ধৰি বিভিন্ন লােকক প্ৰবঞ্চনা কৰি আহিছে।

কিন্তু এইবাৰ নকল টকাৰ সলনি টকা ছপােৱা মেচিনৰ নামতাে প্ৰবঞ্চনাৰ জাল পাতিছে এই চক্ৰটােৱে।

অৱশ্যে অসম আৰক্ষীৰ তৎপৰতাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা উৎখাত হৈছে টকা প্ৰস্তুতকাৰী মেচিন যােগান ধৰা এই চক্ৰ।

উল্লেখ্য যে বুধবাৰে লখিমপুৰ আৰু ডিব্ৰুগড় আৰক্ষীয়ে এক যুটীয়া অভিযানত লখিমপুৰ জিলাৰ লালুকৰ পৰা জব্দ কৰে এখন টকা প্ৰস্তুতকাৰী মেচিন।

লগতে আটক কৰে ছৰিফুল ইছলাম, ছাদিফুল আলী আৰু ছাজিদা বেগম নামৰ লােককেইজনক।

ধৃত লােককেইজনে ডিব্ৰুগড়ৰ এজন ব্যক্তিক ৫੦ লাখ টকা প্ৰস্তুত কৰি দিয়াৰ প্ৰলােভন দি ইয়াৰ বিনিময়ত কেবালক্ষ টকা দাবী কৰিছিল।

এই বিষয়ে গােপন খবৰ লাভ কৰি অভিযান চলাইছিল ডিব্ৰুগড় আৰক্ষীয়ে।

অৱশ্যে, এই মেচিনে কােনাে টকা প্ৰস্তুত কৰিব নােৱাৰে।

কিন্তু সহজ-সৰল লােকৰ মাজত টকা বনােৱা মেচিন হিচাপে প্ৰচাৰ কৰি তেওঁলােকক প্ৰবঞ্চনাৰ লক্ষ্যৰে তৈয়াৰ কৰা হৈছে এনে ভুৱা মেচিন।

ইয়াৰ পূৰ্বে নগাঁও আৰক্ষীয়েও এনে ভুৱা মেচিনসহ আটক কৰিছিল প্ৰবঞ্চকক।

উক্ত ঘটনাৰ সৈতে জড়িত ৫ জন প্ৰবঞ্চককাে আটক কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী