নগাঁৱত গো-মাংসৰ দোকান বন্ধৰ দাবী মুছলমান সম্প্ৰদায়ৰ লোকৰ!

নগাঁৱত গো-মাংসৰ দোকান বন্ধৰ দাবী মুছলমান সম্প্ৰদায়ৰ লোকৰ!

October 18, 2020 0 By NEWS DESK

গো-মাংসক লৈ ৰাজ্যত বিভিন্ন বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ মুছলমান সম্প্ৰদায়ৰ লোকে তুলিলে গো-মাংস বন্ধ কৰাৰ দাবী।

নগাঁৱত গো-মাংসৰ দোকান বন্ধৰ দাবী একাংশ মুছলমান সম্প্ৰদায়ৰ লোকৰ।

দৰাচলতে নগাঁৱৰ বৰবজাৰত নীতিবৰ্হিভূত ভাৱে চলি আছে সাতখনকৈ গো-মাংসৰ দোকান।

উক্ত গো মাংসৰ দোকান কেইখন বন্ধৰ দাবী তুলিছে অঞ্চলটোৰ স্থানীয় ৰাইজে।

পূৰ্বতেও দোকানসমূহ বন্ধৰ দাবীত ন্যায়ালয়ৰ দাৰস্থ হৈছিল স্থানীয় লোক।

কিন্তু ন্যায়ালয়ৰ বাধা আৰোপ কৰাৰ নিৰ্দেশনাক ভেঙুচালি কৰি বলপূৰ্বকভাৱে দোকানসমূহ খোলাৰ অভিযোগ ৰাইজৰ।

লগতে ৰাইজৰ অভিযোগ যে, দোকানী সকলে সকলোকে মাংস নিবলৈ কয় আৰু তেজ পানী সকলো নৰ্দমাতে পেলাই। যাৰ ফলত অঞ্চলটোত দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে অলপ বৰষুণ হলে লেতেৰা পানী সমূহ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।

স্থানীয় লোকে কয় যে দুৰ্গন্ধময় পৰিবেশৰ বাবে কোনো ঘৰুৱা শিক্ষক বা আন কামৰ বাবে অঞ্চলটোলৈ কোন লোক আহিবলৈ নাক কোচাই। আহিবলৈ ইচ্ছা প্ৰকাশ নকৰে।

যাৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে স্থানীয়লোকে ।

সেয়েহে নগাওঁ সদৰ থানাত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শতাধিক মুছলমান সম্প্ৰদায়ৰ পুৰুষ মহিলা।