নগৰবেৰাৰ টুপামাৰীত ভয়ংকৰ অগ্নিকাণ্ড ! প্ৰায় ৪০ খন ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত…

নগৰবেৰাৰ টুপামাৰীত ভয়ংকৰ অগ্নিকাণ্ড ! প্ৰায় ৪০ খন ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত…

October 9, 2020 0 By NEWS DESK

এক বিধ্বংসী অগ্নিকাণ্ডই চাৰখাৰ কৰিলে নগৰবেৰাৰ টুপামাৰী বজাৰখন।

জুঁইৰ লেলিহান শিখা আৰু কলা ধোঁৱাই নিমিষতে চানি ধৰে টুপামাৰী অঞ্চলৰ আকাশ-বতাহ।

নিশা প্ৰায় ২-৩০ বজাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট’ৰ ফলত জুঁইৰ সূত্ৰপাত হোৱাৰ অনুমান ৰাইজৰ।

ভয়ানক অগ্নিকাণ্ডত ইখনৰ পাছত সিখনকৈ প্ৰায় ৪০ৰ পৰা ৪৫ খন ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হয়।

লগতে জুঁইত তিনি-চাৰিটা মান গুদাম ঘৰ, এটা অধ্যয়ন কেন্দ্ৰ আৰু মালবাহী বাহন এখনৰো বিস্তৰ ক্ষতি হয়।

জুঁই লগাৰ খবৰ পাই ঘটনাস্থলীত সহস্ৰাধিক লোকৰ সমাগম ঘটে আৰু যিয়ে যেনেকৈ পায় জুঁই নুমোৱাত লাগে।

পলমকৈ হ’লেও ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত শুক্ৰবাৰৰ পুঁৱতি নিশালৈকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডত আনুমানিক ক্ষয়ক্ষতিৰ পৰিমান ২ কোটিৰো অধিক হ’ব বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

উল্লেখ্য যে, বজাৰখনত ইয়াৰ পূৰ্বেও সংঘটিত হৈছে অনুৰূপ অগ্নিকাণ্ড।