Site icon NEWS8 NE

নতুন ইতিহাস ৰচি ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীৰ দায়িত্বভাৰ ল’লে অসম সন্তান ৰাণা প্রতাপ কলিতাই

নিউজ ডেস্ক। কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূব বাসীৰ বাবে এক ঐতিহাসিক দিন।

ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ দৰে গুৰুত্বপূৰ্ণ সামৰিক পদবীৰ মুৰব্বীৰ দায়িত্বভাৰ ল’লে অসমৰ সুযােগ্য সন্তান লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতাই।

উল্লেখ্য যে পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ ফ’ৰ্ট উইলিয়ামত অৱস্থিত ভাৰতীয় সেনাৰ ইষ্টার্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয়।

ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী পদত (জি অ’ চি– ইন চি) ৰূপে মংগলবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে কলিতাই।

এতিয়াৰে পৰা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ তদাৰকৰ দায়িত্বত থাকিব লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। ইয়াৰ লগতে পশ্চিমবংগ অঞ্চলটোৰ দায়িত্বও তেওঁৰ ওপৰত ন্যস্ত থাকিব।

উল্লেখ্য যে এই পদ লাভ কৰা ৰাণা প্ৰতাপ কলিতাই হৈছে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সেনা বিষয়া।

একালৰ গোৱালপাৰা সৈনিক স্কুল আৰু নেছনেল ডিফেন্স একাডেমীৰ ছাত্ৰ কলিতাই ইতিপূর্বে বিশিষ্ট কর্মদক্ষতাৰ বাবে ‘সেনা মেডেল’ আৰু দুবাৰ ‘বিশিষ্ট সেৱা মেডেল’ লাভ কৰিছে।

তদুপৰি তেওঁ দেশৰ হৈ আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ বাবে সন্মানীয় উত্তম যুদ্ধ সেৱা মেডেল’, ‘অতি বিশিষ্ট সেৱা মেডেল’, ‘সেৱা মেডেল’, ‘বিশিষ্ট সেৱা মেডেল’, তিনি তাৰকাযুক্ত জেনেৰেল সন্মান লাভ কৰিছে।

উল্লেখ্য যে ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলা (গ্ৰাম্য)ৰ ৰঙিয়াৰ শান্তিপুৰত।

তেওঁ পিতৃ আদর্শবান শিক্ষক প্ৰয়াত যোগেন্দ্র কলিতা আৰু প্ৰয়াত ৰেনু কলিতা।

তেওঁ ভাৰতীয় সেনা বাহিনীত ১৯৮৪ৰ জুনত প্রথমে কুমাও ৰেজিমেণ্টত যোগদান কৰিছিল। পিতৃৰ পদাংক অনুসৰণ কৰি তেওঁৰ পুত্ৰ কেপ্টেইন নিশান্ত কলিতাও ৯ কুমাও ৰেজিমেণ্টত যোগদান কৰিছে।

উল্লেখ্য যে দিল্লীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত হৈ থকা অৱস্থাত ভাৰতীয় সেনাই সম্পন্ন কৰা প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ অন্ত্যেষ্টিক্রিয়াৰ গুৰুদায়িত্ব অতি নিখুঁতভাৱে তেওঁ সমাপন কৰিছিল।

তেওঁ কাশ্মীৰত ১৩ ৰাষ্ট্ৰীয় ৰাইফলছ, লক্ষ্ণৌৰ ৭১ ইনফেনট্ৰী ব্রিগেড আৰু কূটনৈতিক দিশত জটিল শ্রীনগৰৰ ১৫ ক’ৰ সুদক্ষতাৰে দায়িত্ব সম্পাদন কৰি আহিছে।

তদুপৰি তেওঁ ‘অফিচাৰ ট্ৰেইনিং একাডেমী’ (অ’টিএ) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ দুবাৰ ভাৰতীয় সেনাৰ প্রতিনিধি দলৰ হৈও সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা আছে।

Exit mobile version