NEWS8 NE

নতুন উদ্ভাৱন! মাস্ক পিন্ধিলেই জানিব পাৰিব শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি

নিউজ ডেস্ক। বৰ্তমান দেশজুৰি অব্যাহত আছে ক’ভিড-১৯ৰ সংক্ৰমণ।

এই ক’ভিড-১৯ ভাইৰাছ মানুহৰ দেহত ধৰা পেলাবলৈ প্ৰয়োজন হয় ৰেপিড্ এন্টিজেন নাইবা RT-PCR টেষ্টৰ। কিন্তু এতিয়াৰ পৰা আৰু ক’ভিড চিনাক্ত কৰিবলৈ প্ৰয়োজন নহ’ব কােনাে পৰীক্ষাৰ।

এইবাৰ আপুনি পৰিধান কৰি থকা মাস্কখনতে ওলাই পৰিব আপোনাৰ দেহত কভিডৰ অৱস্থিতি। তেনে এক মাস্ক উদ্ভাৱন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক গৱেষকৰ দলে। য’ত জৈৱ সংবেদক (biosensors) ৰ সৈতে ফেচ মাস্ক উদ্ভাৱন কৰা হৈছে।

এই মাস্কত SARS-CoV2, ভাইৰাছ সৃষ্টিকাৰী কোভিড-১৯ আৰু বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা যাব।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৱাইছ ইনষ্টিটিউট ফৰ বায়োলজিকেলি ইনষ্ট্ৰুটেড ইঞ্জিনিয়াৰিং আৰু মেচাচুচেটছ ইনষ্টিটিউট অফ টেকন’লজীৰ গৱেষকসকলে বিকাশ কৰিছে এই মাস্ক।

বুটাম-সক্ৰিয় মাস্কখনে নিউক্লিক এচিডযুক্ত ৰোগ নিৰ্ণয় পৰীক্ষা যেনে পলিমেৰেজ চেইন প্ৰতিক্ৰিয়াৰ সৈতে তুলনীয় এক শুদ্ধতাৰ ভিত্তিত ফলাফল প্ৰদান কৰিব। যিটো ফলাফল ৯০ মিনিটৰ ভিতৰত লাভ কৰিব ব্যৱহাৰকাৰী সকলে। এই কথা নেচাৰ বায়োটেকন’লজী নামৰ আলোচনীত প্ৰকাশ পাইছে।

ৱাইছ ইনষ্টিটিউটৰ গৱেষক বিজ্ঞানী পিটাৰ নগুয়েনে কয়, “আমি এটা সম্পূৰ্ণ ডায়গনষ্টিক পৰীক্ষাগাৰক এক সৰু আৰু সংশ্লেষিত জীৱবিজ্ঞান-আধাৰিত চেন্সৰলৈ সংকুচিত কৰিছো। যিয়ে যিকোনো ফেচ মাস্কৰ সৈতে কাম কৰিব। আৰু পিচিআৰ যুক্ত পৰীক্ষাৰ উচ্চ মান বিশিষ্ট শুদ্ধতাক এণ্টিজেন পৰীক্ষাৰ গতি আৰু কম ব্যয়ৰ সৈতে একত্ৰিত কৰিছো।”

নগুয়েনে লগতে কয় যে “ফেচ মাস্কৰ উপৰিও, ভাইৰাছ, বেক্টেৰিয়া, টক্সিন আৰু ৰাসায়নিক ক্ৰিয়াকে ধৰি পোছাকত ৰৈ যোৱা বিপদজনক পদাৰ্থ সমূহ চিনাক্তকৰণ কৰাৰ বাবে আমাৰ এই জৈৱ সংবেদক (biosensors) আন পোছাকত সংলগ্ন কৰিব পৰা হব।”

SARS-CoV-2 জৈৱ সংবেদকটো পৰিধানযোগ্য ‘ফ্ৰীজ-ড্ৰাইড চেল-ফ্ৰী’ প্ৰযুক্তিৰ ওপৰত আধাৰিত। য’ত কোষবোৰে ডি.এন.এ. চিনাক্ত কৰিব আৰু আৰ.এন.এ. আৰু প্ৰ’টিন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা আণৱিক প্ৰক্ৰিয়া আহৰণ আৰু ফ্ৰীজ-ড্ৰাইং অন্তৰ্ভুক্ত হ’ব।

ডব্লিউএফডিচিএফ ফেচ মাস্ক হৈছে প্ৰথম SARS-CoV-2 নিউক্লিক এচিড পৰীক্ষা। যি এটা কোঠাৰ উষ্ণতাত সম্পূৰ্ণৰূপে কাম কৰিব আৰু উন্নত মানদণ্ডৰ RT-PCR পৰীক্ষাৰ তুলনাত উচ্চ শুদ্ধতাৰ ফলাফল দিব। ই উষ্ণ বা শীতল সঁজুলিৰ প্ৰয়োজনীয়তা নাইকিয়া কৰে আৰু পৰীক্ষাগাৰৰ বাহিৰত ৰোগীৰ নমুনা ক্ষীপ্ৰভাৱে পৰীক্ষা কৰাৰ সন্মতি দিয়ে।

এমআইটিৰ চিকিৎসা অভিযান্ত্ৰিক আৰু বিজ্ঞানৰ অধ্যাপক জিম কলিন্সে কয়, “এই কামটোৱে প্ৰমাণ কৰে যে আমাৰ ফ্ৰীজ-ড্ৰাইড, চেল-ফ্ৰী চিন্থেটিক জীৱবিজ্ঞান প্ৰযুক্তি পৰিধানযোগ্যলৈ সম্প্ৰসাৰিত কৰিব পাৰি। আৰু নতুন ডায়গনষ্টিক এপ্লিকেচনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। যাৰ ভিতৰত আছে ফেচ মাস্ক ডায়গনষ্টিকৰ বিকাশ।”
গৱেষকসকলে এইটোও কয় যে, কভিড-১৯ মহামাৰীৰ বাহিৰেও এই প্ৰযুক্তি বিপদজনক সামগ্ৰী বা বীজাণুৰ সৈতে কাম কৰা বিজ্ঞানীসকলৰ বাবে পৰীক্ষাগাৰৰ কোট হিচাপে ব্যৱহৃত হব। চিকিৎসক আৰু নাৰ্ছৰ বাবে ই হব স্ক্ৰাব। ইয়াৰোপৰি স্নায়ু গেছৰ দৰে বিপদজনক বীজাণু বা বিষাক্ত পদাৰ্থৰ সংস্পৰ্শলৈ আহিব পৰা প্ৰথম আক্ৰান্ত হবলগীয়া লোক আৰু সামৰিক কৰ্মীৰ ইউনিফৰ্মত ইয়াক অন্তৰ্ভুক্ত কৰিব পৰা হব।

Exit mobile version