Site icon NEWS8 NE

নলাৰ ওপৰত শিশুৱে ফুটালে ফটকা, ঘটিল ভয়ংকৰ ঘটনা…

নিউজ ডেস্ক। দীপাৱলীৰ সময়ত অসাৱধানতাৰ বাবে বহু অবাঞ্ছিত ঘটনা সংঘটিত হয়। বিশেষকৈ ফটকা ফুটােৱাৰ সময়ত হােৱা তেনে ঘটনাত বহু শিশু বিপদত পৰে।

তেনে এক অনুৰূপ ঘটনা শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

এক ভয়ানক দৃশ্য। চিচিটিভি কেমেৰাত বন্দী সেই দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব।

এই দৃশ্যটােত দেখা গৈছে যে কেইটিমান শিশুৱে খাৰ বাৰুদ লৈ এপাৰ্টমেণ্টৰ বাহিৰৰ নলাৰ ওপৰত ফুটালে আটচবাজী।

কিন্তু শিশুৱে জুই লগাওঁতেই হঠাতে উঠি আহিল জুইৰ শিখা। যিয়ে লয় ভয়ংকৰ ৰূপ।

মুহূৰ্তৰ ভিতৰতে অঞ্চলটোত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ।

লগতে চাওকঃ ফটকাৰ মােনা লৈ স্কুটিত উঠি ঘৰমুৱা যাত্ৰা পিতা-পুত্ৰৰ, ঘটিল শােকাৱহ ঘটনা

অৱশ্যে পৰৱৰ্তী সময়ত এজন লোকে পানী ঢালি নুমোৱাবলৈ সক্ষম হয় সেই জুই। আৰু কোনোৰকম এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো।

বৰ্তমান এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। জানিব পৰা মতে, এই ঘটনাৰ স্থান গুজৰাটৰ চুৰাট চহৰৰ এটা আবাসিক কলনি।

এটা দৃশ্যত দেখা অনুসৰি, এটা এপাৰ্টমেণ্টৰ গেটৰ বাহিৰলৈ ওলাই আহিছে কেইটিমান শিশু। তেওঁলোকে হাতত লৈ আহিছে কিছু খাৰ বাৰুদ।

বাহিৰলৈ আহিয়েই তেওঁলোকে গেটৰ বাহিৰত থকা নলাৰ ওপৰৰ ফুটা থকা এখন ঢাকনিৰ কাষত বহি লৈছে।

তেওঁলোকে তাত কিছু খাৰ বাৰুদ পেলাই দিয়ে। তাৰ পিছতেই তেওঁলোকৰ এজনে তাত লগাই দিয়ে জুই।

জুই ওলোৱা লগে লগেই সমস্ত খাৰ খিনিত লাগি যায় জুই। যাৰ ফলত শিশু কেইটিয়ে উঠিবলৈয়ো নাপালে সময়। তেওঁলোকৰ দুই একৰ গাতো লাগে জুই। কিন্তু কথমপি ৰক্ষা পৰে কেউজন।

আটাইকেইজনেই দৌৰি যায় সেই স্থানৰ পৰা। ঠাই ডোখৰত জুই বিস্তাৰিতভাৱে বহু ওপৰলৈ উঠিবলৈ লয়। তাৰ কাষেৰেই পাৰ হৈ গৈ থাকে যান-বাহন আৰু মানুহ।

তেনেতে এপাৰ্টমেণ্টৰ আৱাসীয়ো ওলাই আহে বাহিৰলৈ। কেইগৰাকীমান মহিলাই শিশু কেইটিক লৈ আনে এপাৰ্টমেণ্টৰ ভিতৰলৈ।

সম্ভৱত তেওঁলোক শিশু কেইটিৰ মাতৃ। মূহুৰ্ততে অঞ্চলটোত বিৰাজ কৰে এক আতংকৰ পৰিস্থিতি। তেনেতে এজন লোকে এটা পাত্ৰত পানী আনি ঢালি দিয়ে জুইত। আৰু নুমাই পৰে জুই।

এই ঘটনাৰ কাৰণ ৰন্ধন গেছৰ ভূমিগত পাইপ বুলি ধাৰণা কৰা হৈছে। পাইপত গেছ লীক হােৱা বাবে নলাত সেই গেছ বিয়পি পৰে আৰু ফটকা ফুটােৱাৰ লগে লগে জুইৰ সূত্ৰপাত ঘটে।

লগতে চাওকঃ নিৰাপত্তা কৰ্মীৰ সাহসীকতাৰ বাবে ব্যৰ্থ হ’ল ডকাইতি কাণ্ড, দৃশ্য বন্দী CCTV কেমেৰাত

Exit mobile version