NEWS8 NE

নাই দৃষ্টিশক্তি! অদম্য সাহস-দূৰদৰ্শিতাৰে জয় কৰিলে পৃথিৱীৰ সৰ্বােচ্চ শৃংগ

নিউজ ডেস্ক। চেষ্টাৰ অসাধ্য একােৱেই নাই। এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এজন লােকে।

দৃষ্টি শক্তি নথকা লােকজনে অদম্য সাহস আৰু কষ্ট স্বীকাৰ কৰি আৰােহন কৰিলে পৃথিৱীৰ সৰ্বােচ্চ শৃংগ এভাৰেষ্ট।

তেওঁ হ’ল চীনৰ বাসিন্দা ঝাং হং(৪৬)। এভাৰেষ্ট জয় কৰা এছিয়াৰ প্ৰথম গৰাকী আৰু বিশ্বৰ তৃতীয় গৰাকী অন্ধ হিচাপে ৰেকৰ্ড স্থাপন কৰিছে লােকজনে।

তেওঁ ৮,৮৪৯ মিটাৰ উচ্চতাৰ হিমালয় শৃংগটো যোৱা ২৪ মে’ত জয় কৰে আৰু সফলতা লাভ কৰি বৃহুস্পতিবাৰে তেওঁ উপস্থিত হয়হি বেছ কেম্পত।

জানিব পৰা মতে, চীনৰ সংকিং চহৰত জন্ম লাভ কৰা হঙে ২১ বছৰ বয়সত হেৰুৱাইছিল দৃষ্টি শক্তি।

তেওঁ আমেৰিকান অন্ধ পৰ্বতাৰোহী এৰিক ৱাইহেনমায়েৰৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। যিয়ে ২০০১ চনত এভাৰেষ্ট জয় কৰিছিল। হঙে তেওঁৰ বন্ধু কিয়াং জিৰ অধীনত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

নিজৰ সফলতা সন্দৰ্ভত হঙে কয় যে- “আপুনি সক্ষম নে অক্ষম, সেইয়া নিস্প্ৰয়োজন। আপোনাৰ দৃষ্টি শক্তি, হাত অথবা ভৰি আছে নাই, সেইয়ায়ো প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে আপোনাৰ প্ৰয়োজন এক শক্তিশালী মনৰ। তেতিয়া আপুনি আনে কৰিব নোৱাৰা কামো কৰিব পাৰিব।”

তেওঁ লগতে কয়- “মই ভয়ত আছিলো। কাৰণ মই কোন দিশে খোজকাঢ়ি গৈছিলো একো দেখা নাছিলো আৰু মই মোৰ লক্ষ্য স্থান দেখা পোৱা নাছিলো। সেয়েহে মই কেতিয়াবা পৰি গৈছিলো। কিন্তু মই সেই কঠিনতাকো নেওচি এটাই মনত ৰাখিছিলো যে মই সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিবই লাগিব। ই আছিল মোৰ আৰোহণৰ এক অন্যতম অস্ত্ৰ। বিপদ আৰু কঠিনতাৰ অৰ্থই হৈছে আৰোহণ।”

Exit mobile version