নাই হেলমেট্-নাই মাস্ক! আৰক্ষীৰে তৰ্কযুদ্ধ কৰি বিপদত পৰিল যুৱক

নাই হেলমেট্-নাই মাস্ক! আৰক্ষীৰে তৰ্কযুদ্ধ কৰি বিপদত পৰিল যুৱক

September 18, 2020 0 By NEWS DESK

অসমত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ অতিমাৰীয়ে।

এই উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে জনসাধাৰণক ক’ভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনােৱাৰ পাছতাে গা লৰা নাই একাংশ লােকৰ।

মাস্ক পৰিধান কৰাৰ সলনি এনে একাংশ লােকে ধৰা পৰাৰ পাছত ওলােটাই কৰ্তব্যৰত আৰক্ষীৰ সৈতেই তৰ্কযুদ্ধ কৰা পৰিলক্ষিত হৈছে।

আনকি এনে লােকৰ দ্বাৰা আৰক্ষীৰ জােৱান অপদস্থ হােৱাৰ ঘটনাও সংঘটিত হৈছে ৰাজ্যত।

ইয়াৰ মাজতে মাস্ক পৰিধান নকৰি কৰ্তব্যৰত আৰক্ষী বিষয়াৰ লগত তৰ্কযুদ্ধ লিপ্ত হৈ ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক।

আৰক্ষীৰ সৈতে যুৱকজনকৰ কথােপকথনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াতাে ভাইৰেল হৈ পৰিছে।

সচেতন লােকে আৰক্ষীৰ ভূমিকাক ভূঁয়সী প্ৰশংসা কৰি এনে দায়িত্বহীন লােকৰ বিৰুদ্ধে উচিত পদক্ষেপ লােৱা বুলি মন্তব্য কৰিছে।

ঘটনাৰ স্থান হ’ল কাছাৰ জিলাৰ শিলচৰ।

উল্লেখ্য যে এজন বাইক আৰােহীয়ে হেলমেট পৰিধান কৰা নাছিল। কেৱল হেলমেটেই নহয়, মাস্কাে পিন্ধা নাছিল এই যুৱকজনে।

তেনে সময়তে কৰ্তব্যৰত আৰক্ষীৰ লােকে যুৱকজনৰ ৰখাই মাস্ক পিন্ধিবলৈ নিৰ্দেশ দিয়ে যদিও যুৱকজনে নিজৰ ভুল স্বীকাৰ কৰাৰ সলনি ওলােটাই আৰক্ষীৰ সৈতে তৰ্ক কৰে।

এইদৰে কিছু সময় তৰ্ক কৰাৰ পাছতাে মাস্ক পৰিধান কৰিবলৈ অস্বীকাৰ কৰা যুৱকজনক পাছত আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়।