নাগালেণ্ডত আলফা স্বাধীনৰ তিনি সদস্যৰ আত্মসমৰ্পণ!

নাগালেণ্ডত আলফা স্বাধীনৰ তিনি সদস্যৰ আত্মসমৰ্পণ!

October 14, 2020 0 By NEWS DESK

চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলাত আলফা (স্বাধীন) ৰ তিনি সদস্যই আত্মসমৰ্পণ কৰে।

আলফা (স্বাধীন) ৰ সদস্য কেইজন ক্ৰমে- গোৱালপাৰা জিলাৰ গোৱালপাৰা আৰক্ষী থানাৰ অন্তৰ্গত শাস্ত্ৰী নগৰৰ কুনাল অসম, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া আৰক্ষী থানাৰ অন্তৰ্গত কাচুজান গাওঁৰ ৰুচনা অসম আৰু চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ন-জবকা অঞ্চলৰ লাচিত অসম বুলি জানিব পৰা গৈছে।

মঙলবাৰে পুৱতি নিশা ম্যানমাৰত থকা শিবিৰৰ পৰা পলাই আহি চুবুৰীয়া ৰাজ্যখনৰ মন জিলাৰ খুয়েং লামপংত আহি নগালেণ্ড ভিলেজ গাৰ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে এই সদস্যকেইজনে।

উল্লেখ্য যে, আত্মসৰ্মপণ কৰা আলফা (স্বাধীন) সদস্যকেইজনে কোনোধৰণৰ অস্ত্ৰ-শস্ত্ৰ অথবা আপত্তিজনক নথি-পত্ৰ জমা দিয়া নাই বুলি জানিব পৰা গৈছে।

আজি তিনিওকে অসম আৰক্ষীৰ হাতত গতাই দিয়ে নগালেণ্ডৰ আৰক্ষী প্ৰশাসনে।