নাগালেণ্ডৰ বন আৰু পৰিবেশ মন্ত্ৰী চি এম চাঙৰ আকস্মিক দেহাৱসান ! মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ শোক প্ৰকাশ…

নাগালেণ্ডৰ বন আৰু পৰিবেশ মন্ত্ৰী চি এম চাঙৰ আকস্মিক দেহাৱসান ! মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ শোক প্ৰকাশ…

October 13, 2020 0 By NEWS DESK

নাগালেণ্ডৰ বন আৰু পৰিবেশ মন্ত্ৰী চি এম চাঙৰ আকস্মিক মৃত্যু।

নেইফিউ ৰিঅৰ চৰকাৰৰ বন আৰু পৰিবেশ তথা আইন মন্ত্ৰী চি এম চাঙৰ সোমবাৰে বিয়লি ক’হিমাৰ নাগা হাস্পাতলত চিকিৎসাধীন অৱস্থাত আকস্মিক ভাৱে মৃত্যু হয়।

মৃত্যুৰ সময়ত মন্ত্ৰী চাঙৰ বয়স হৈছিল ৭৮ বছৰ।

Image

উল্লেখ্য যে চি এম চাঙ কিছুদিন পৰা অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল।

মন্ত্ৰী চি এম চাঙৰ জন্ম হৈছিল ১৯৪২ চন নাগালেণ্ডৰ টুৱেনচাঙ জিলাৰ নকচেঙ গাঁৱত।

২০০২ চনত ভাৰতীয় অসামৰিক সেৱা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা চাঙে এন পি এফ আৰু পৰৱৰ্তী সময়ত এন ডি পি পি দলৰ বিধায়ক নিৰ্বাচিত হৈ বৰ্তমান নেইফিউ ৰিঅৰ চৰকাৰৰ বন আৰু পৰিবেশ তথা আইন মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

মন্ত্ৰী চি এম চাঙৰ মৃত্যুত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু ৰাজ্যপাল আৰ এন ৰবিয়ে শোক প্ৰকাশ কৰিছে।