নাট্যপ্ৰেমী দৰ্শকৰ বাবে দুঃখবৰ ! ২০২০-২১ বৰ্ষত চাবলৈ নাপাব ভ্ৰাম্যমাণৰ নাটক…

নাট্যপ্ৰেমী দৰ্শকৰ বাবে দুঃখবৰ ! ২০২০-২১ বৰ্ষত চাবলৈ নাপাব ভ্ৰাম্যমাণৰ নাটক…

September 3, 2020 0 By NEWS DESK

নাট্যপ্ৰেমী দৰ্শকৰ বাবে দুঃখবৰ।

২০২০-২১ বৰ্ষত চাবলৈ নাপাব ভ্ৰাম্যমাণৰ নাটক।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নাট প্ৰদৰ্শন বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজন সন্থাই।

সন্থাৰ সভাপতি নজৰুল ইছলাম আৰু যুটীয়া সম্পাদকদ্বয় সুবোধ মজুমদাৰ আৰু ক্ষিৰোদ খনিকৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, চলিত বৰ্ষৰ মাৰ্চতে ভ্ৰাম্যমাণ নাট্যদলসমূহে নাট্যযাত্ৰা স্থগিত ৰাখি ২০২০-২১ বৰ্ষৰ বাবে এইপৰ্যন্ত আখৰা আৰম্ভ কৰিব পৰা নাই।

সেই হিচাপে ২০২০-২১ বৰ্ষত তিনি চাৰি মাহৰ বাবে নাট প্ৰদৰ্শন কৰিলে নাট্যদলসমূহ আৰ্থিক দিশত প্ৰচুৰ ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই প্ৰৱল।

লগতে কৰ’ণাৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰাৰ পৰিৱেশ নাই।

যাৰ বাবে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰয়োজক সন্থাই ২০২০-২১ নাট্যবৰ্ষৰ নাট প্ৰদৰ্শন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।