নামাজ চলি থকাৰ সময়তে মছজিদত এচিৰ ভয়াৱহ বিস্ফোৰণ ! শিশুসহ ১৬ জন নিহত…

নামাজ চলি থকাৰ সময়তে মছজিদত এচিৰ ভয়াৱহ বিস্ফোৰণ ! শিশুসহ ১৬ জন নিহত…

September 5, 2020 0 By NEWS DESK

নামাজ চলি থকাৰ সময়তে মছজিদত এচিৰ ভয়াৱহ বিস্ফোৰণ।

বিস্ফোৰণৰ ফলত এইপৰ্যন্ত নিহত হৈছে শিশুসহ ১৬ জনকৈ লোক।

আনহাতে জুইৰ সূত্ৰপাত হৈ অগ্নিদ্বগ্ধ হয় ৪০ ৰো অধিক লোক।

বাংলাদেশৰ ৰাজধানী নগৰ ঢাকাৰ উপকণ্ঠ অঞ্চল নাৰায়ণগঞ্জৰ ফতুল্লাৰ জামে মছজিদত সংঘটিত হয় এই ভয়াৱহ ঘটনা।

প্ৰত্যক্ষদৰ্শীৰ মতে শনিবাৰে নাৰায়ণগঞ্জৰ সদৰ উপজিলাৰ ফতুল্লা থানাৰ অন্তৰ্গত বাইতুল ছালাহ জামে মছজিদত নামাজৰ সময়তে হঠাৎ এক বিকৎ শব্দ কৰি এটা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰৰ বিস্ফোৰণ ঘটে।

উক্ত বিস্ফোৰণৰ লগে লগে মছজিদত থকা ৬ টাকৈ এচি বিস্ফোৰণ ঘটি তৎক্ষণাতে সমগ্ৰ মছজিদটো জুইয়ে আগুৰি ধৰে।

যাৰ ফলত মছজিদত নামাজত অংশগ্ৰহণ কৰি থকা শিশুসহ ১১ জন লোকৰ মৃত্যু ঘটিছে আৰু বহু লোক অগ্নিদ্বগ্ধ হৈ গুৰুতৰ ভাৱে আহত হৈছে।

জানিব পৰা মতে, ঢাকাৰ শ্বেখ হাছিনা জাতীয় বাৰ্ণ এণ্ড প্লাষ্টিক চাৰ্জাৰি ইনষ্টিটিউটত ৩৮ গৰাকী অগ্নিদ্বগ্ধ লোকক ভৰ্তি কৰোৱা হৈছে।

চিকিৎসকে জনোৱা অনুসৰি অগ্নিদ্বগ্ধ বেছিভাগ লোকৰে অৱস্থা অতি সংকটজনক।