Site icon NEWS8 NE

নাহৰফুটুকী বাঘক খেদি নি পুত্ৰৰ জীৱন ৰক্ষা কৰিলে মাতৃয়ে

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে যে সাহসেই লক্ষ্মী।

এইবাৰ সেই কথাষাৰ সত্য প্ৰমাণিত হল এগৰাকী সাহসী মাতৃৰ ক্ষেত্ৰত। য’ত এগৰাকী মাতৃয়ে বাঘৰ পিছে পিছে প্ৰায় এক কিলোমিটাৰ দূৰ দৌৰি গৈ জীৱন ৰক্ষা কৰিলে সন্তানৰ।

নিজৰ ৬ বছৰীয়া সন্তানক মুখত লৈ দৌৰিছিল এটা নাহৰফুটুকী বাঘে। আৰু সেই বাঘৰ পিছে পিছে খেদি গৈ সন্তানৰ জীৱন ৰক্ষা কৰিলে মাতৃ গৰাকীয়ে।

এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ চিধৰ বন আৰু পাহাৰীয়া অঞ্চলৰ দ্বাৰা পৰিবেষ্টিত টমচাৰ ৰেঞ্জৰ বাৰিঝাৰিয়া গাঁৱৰ সঞ্জয় টাইগাৰ বাফাৰ জোনত।

এই কাৰ্য কৰা মাতৃ গৰাকীৰ নাম কিৰণ বেগা বুলি জানিব পৰা যায়।

জানিব পৰা মতে, মাতৃগৰাকীয়ে সন্ধিয়া ঘৰত কাম কৰি আছিল। সেই সময়ত তেওঁৰ স্বামী শংকৰ বেগা কিছু কামৰ বাবে বাহিৰত আছিল।

নাহৰফুটুকী বাঘটোৱে মাতৃ কিৰণক আক্ৰমণ কৰিছিল আৰু তেওঁৰ কাষত বহি থকা ৬ বছৰীয়া পুত্ৰক মুখত তুলি লৈ গৈছিল।

কিন্তু সাহসী মাতৃ গৰাকীয়ে হাৰ মনা নাছিল আৰু বাঘৰ পিছে পিছে দৌৰিবলৈ সিদ্ধান্ত লৈছিল। যাৰ ফলত বাঘটোৱে পিছত শিশুটিক এৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ বাধ্য হৈছিল।

ঘটনাটোত মাতৃ আৰু শিশু দুয়ো কিছু আঘাতপ্ৰাপ্ত হৈছিল আৰু চিকিৎসাৰ বাবে কুছমী চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কিৰণে কয়, ‘মই নাহৰফুটুকী বাঘটোক মোৰ পুত্ৰক তুলি লোৱা দেখিছিলো। মই লগে লগে নাহৰফুটুকী বাঘৰ পিছে পিছে দৌৰিছিলো আৰু প্ৰায় ১ কিলোমিটাৰ খেদি গৈছিলো। নাহৰফুটুকী বাঘটোৱে মোৰ পুত্ৰক মুখত ধৰি আছিল। খেদি গৈ মই নাহৰফুটুকী বাঘটোক লাঠিৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়াই বাঘটোৱে মোৰ সন্তানক মাজতে এৰি পলাই যাব লগা হৈছিল, কিয়নো মোৰ মাত শুনি বহুতো মানুহ ঘৰৰ পৰা ওলাই আহিছিল। মই সাহস দেখুৱাব লগা হৈছিল অন্যথা মই কেতিয়াও মোৰ সন্তানক ঘূৰাই নাপালোহেঁতেন।”

Exit mobile version