Site icon NEWS8 NE

নিজকে সেনাৰ কেপ্তেইন বুলি পৰিচয় দি চাকৰি দিয়াৰ নামত সৰকালে লাখ লাখ টকা! অৱশেষত জালত পৰিল প্ৰৱঞ্চক…

নিউজ ডেস্কঃ সেনা নিযুক্তি কাৰ্যালয়ৰ সন্মুখত প্ৰায়ে দেখা যায় এজন যুৱকক। পিন্ধনত ভাৰতীয় সেনাৰ পোছাক। নিজকে সেনাৰ কেপ্তেইন বুলি পৰিচয় দিয়া এই যুৱকজনে চাকৰি প্ৰত্যাশীৰ পৰা সৰকাই আহিছিল লাখ লাখ টকা।

কিন্তু এশ গৰু মাৰিলে যিদৰে বাঘৰো মৰণ অনিবাৰ্য, সেইদৰেই বিপদ নামিল এই প্ৰৱঞ্চক যুৱকজনৰ ওপৰতো।

চোৰাংচোৱাৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাই অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকজনক।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

সামৰিক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই বুধবাৰে এছটিএফে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অংকিত মিশ্ৰ নামৰ প্ৰৱঞ্চকজনক।

এছটিএফৰ উপ-অধীক্ষক দীপক কুমাৰ সিঙে জানিবলৈ দিয়া মতে, সেনা নিযুক্তিৰ নামত জালিয়াতিৰ তথ্য লাভ কৰাৰ পিছতে প্ৰৱঞ্চকৰ সন্ধান উলিয়াবলৈ এটা দল গঠন কৰে এছটিএফে।

তাৰ পিছতে বুধবাৰে পিজিআই হাস্পতালৰ সমীপৰ পইণ্ট দীন দয়াল উপাধ্যায় পাৰ্কত গ্ৰেপ্তাৰ কৰা হয় সেনাৰ পোছাক পৰিহিত যুৱকজনক।

ধৃত অংকিত মিশ্ৰৰ ঘৰ চুলতানপুৰৰ তিৱাৰীপুৰত বুলি জানিব পৰা গৈছে। যুৱকজনৰ সৈতে এই প্ৰৱঞ্চনাত আন কোনো জড়িত আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে।

এছটিএফৰ জেৰাৰ সময়ত অংকিত মিশ্ৰই কয় যে তেওঁ সেনাৰ কেপ্তেইনৰ ইউনিফৰ্ম পিন্ধি সেনা নিযুক্তি কাৰ্যালয়ৰ বাহিৰত ঘূৰি ফুৰে।

য’ত ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন পদত চাকৰিৰ প্ৰদানৰ প্ৰলোভন দি নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন লয়।

অভিযুক্তই স্বীকাৰ কৰা মতে, সান্তকবীৰ নগৰৰ বাসিন্দা বালিৰাম আৰু ইটা বাসিন্দা ৰাহুলক সেনা নায়ক পদত নিযুক্তিৰ নামত তেওঁ ৫ লাখ টকাকৈ দাবী কৰিছিল।

ইতিমধ্যে দুয়োজন যুৱকে তেওঁক প্ৰদান কৰিছিল ৪.৪০ লাখ টকা।

আনহাতে বাকী ৬.৬০ লাখ টকা ল’বৰ বাবে বুধবাৰে পাৰ্কত অপেক্ষা কৰি থাকোতেই এছটিএফে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকজনক।

প্ৰৱঞ্চক অংকিত মিশ্ৰই লগতে কয় যে সেনাবাহিনীৰ কেপ্তেইনৰ ইউনিফৰ্ম পিন্ধিলে মানুহে সন্দেহ নকৰে। পূৰ্বে টোল টেক্সৰ পৰা হাত সাৰিবলৈ সেনাৰ পোছাক পৰিধান কৰিছিল বুলিও স্বীকাৰ কৰে ধৃত প্ৰৱঞ্চকজনে।

Exit mobile version