NEWS8 NE

নিজে ক’ভিড ৰােগী হৈও আক্ৰান্ত গৰ্ভৱতী ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে এম্বুলেঞ্চ চলাই গ’ল ভাতৃয়ে

নিউজ ডেস্ক। দেশৰ বৰ্তমান কভিড পৰিস্থিতি অতিকে জটিল। এই ৰোগত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহুতে। বহুতে আক্ৰান্ত সকলক সহায়ৰ বাবে কৰিছে নানা কৰ্ম। যোগান ধৰিছে গাড়ী, অক্সিজেন অথবা খাদ্য।

তেনে এক সময়তে পোহৰলৈ আহিছে আন এক ইতিবাচক ঘটনাৰ তথ্য।

নিজৰ ক’ভিড আক্ৰান্ত গৰ্ভৱতী ভগ্নী আৰু আন-আন ক’ভিড ৰােগীৰ জীৱন ৰক্ষাৰ বাবে ক’ভিড আক্ৰান্ত এজন যুৱকে অক্সিজেন আনিবলৈ নিজেই চলাই লৈ গ’ল চিকিৎসালয়ৰ এম্বুলেঞ্চ।

চিকিৎসালয় কৰ্তৃপক্ষই মাত্ৰ এঘন্টাৰ বাবেহে অক্সিজেন যোগান ধৰিব পাৰিব বুলি জনোৱাৰ পিছতেই তেওঁ অক্সিজেন আনিবলৈ চলাই যায় এম্বুলেঞ্চ।

বৰ্তমান দুই ভাতৃ-ভগ্নী কভিড নিগেটিভ হৈ উভতি আহিল ঘৰলৈ। এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰত।

জানিব পৰা মতে, কিছুদিন পূৰ্বে পুৰণা গোৰখপুৰ নামৰ ঠাইৰ পংকজ শুক্লা নামৰ যুৱকজনৰ জ্বৰ হোৱাত তেওঁ কভিড পৰীক্ষা কৰে। পৰীক্ষাত ২১ এপ্ৰিলৰ দিনা তেওঁৰ দেহত কভিড পজিতিভ ধৰা পৰে। তাৰ পিছতেই তেঁওৰ ঘৰত থকা গৰ্ভৱতী ভগ্নীৰ দেহটো কভিড পজিতিভ ধৰা পৰে। লগে লগে দুয়ো ৰাজেন্দ্ৰ নগৰৰ এখন চিকিৎসালয়ত এম্বুলেঞ্চ যোগে ভৰ্তি হয়।

২৩ এপ্ৰিলৰ দিনা গৰ্ভৱতী ভগ্নীৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটাত তেওঁক অক্সিজেন যোগান ধৰা হয়। কিন্তু সেই সময়তে চিকিৎসকে জানিবলৈ দিয়ে যে চিকিৎসালয়খনত অক্সিজেনৰ অভাৱ ঘটিছে। মজুত থকা অক্সিজেনে মাত্ৰ এঘন্টা সময়হে জুৰিব। সেয়েহে অক্সিজেনৰ বাবে সকলোকে অন্য চিকিৎসালয় লৈ যাবলৈ নিৰ্দেশ দিলে চিকিৎসকে।

সেই কথা শুনি চিন্তিত হৈ পৰিল পংকজ। চিকিৎসালয় কৰ্তৃপক্ষৰ লগত তেওঁ কথা পাতে যদিও কোনো সুফল লাভ নকৰে। কৰ্তৃপক্ষই অক্সিজেন কতোৱেই লাভ কৰা নাই বুলি তেওঁক কয়। সেয়েহে পংকজে নিজেই অক্সিজেন বিচৰাৰ চিন্তা কৰিলে।

সেই অনুসৰি তেওঁ গীডা নামৰ ঠাইৰ এটা গেছ প্ৰকল্পত অক্সিজেন উপলব্ধ থকাৰ খবৰ লাভ কৰিলে। তেওঁ যদি খালী অক্সিজেন চিলিণ্ডাৰ লৈ যায় তেন্তে ভৰাই দিব বুলি জনায় প্ৰকল্পটোৰ কৰ্তৃপক্ষই। সেই কথা চিকিৎসালয় খনৰ অধীক্ষকক জনালে পংকজে। সেই সময়ত অক্সিজেন আনিবলৈ এম্বুলেঞ্চৰ চালক জনক বিচাৰ কৰাত গম পায় যে চালকজন অসুস্থ হৈ থকাত তেওঁ চিকিৎসালয়লৈ অহা নাই। কিন্তু তেতিয়া প্ৰশ্ন আহিল যে কোনে আনিব অক্সিজেন।

সেয়েহে পংকজে নিজেই অক্সিজেন অনাৰ সিদ্ধান্ত ললে। সেই অনুসৰি চিকিৎসালয় খনৰ কেইজনমান কৰ্মচাৰীৰ সহায়ত এম্বুলেঞ্চত খালী অক্সিজেন চিলিণ্ডাৰ সমূহ উঠাই তেওঁ চলাই লৈ গল এম্বুলেঞ্চ। অৱশ্যে তেওঁ এইটো গুৰুত্ব দিলে যে তেওঁৰ পৰা যাতে আনৰ দেহলৈ কভিড সংক্ৰমিত হব নোৱাৰে। আৰু তেনেদৰেই তেওঁ লৈ আনিলেগৈ অক্সিজেন। আৰু ৰক্ষা পৰিল বহুতৰ জীৱন।

পংকজে এই সন্দৰ্ভত কয় যে, “আমি ১৮ দিন চিকিৎসালয়ত দুখ আৰু কান্দোনেৰে আছিলো। ভগ্নীৰ অৱস্থা দেখি মই ভাগি পৰিছিলো। সেয়েহে মই নিজেই অক্সিজেন আনিছিলোগৈ। মোৰ সেই কামে ভগ্নী আৰু আন এগৰাকী ৰোগীৰ জীৱন ৰক্ষা পৰিল। অৱশেষত ১৪ দিনৰ মূৰত আমাৰ কভিড নিগেটিভ প্ৰতিবেদন আহে। ভগ্নী আৰু মই সুস্থ হৈ ঘৰলৈ ঘূৰি আহিলো।”

Exit mobile version