NEWS8 NE

নিমিষতে নিঃশেষ হ’ল এটা পৰিয়াল! কণমানি সন্তানৰ সৈতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনাই চকু সেমেকাই তুলিলে বহুজনৰ। এক শােকাৱহ দুৰ্ঘটনাত নিঃশেষ হ’ল এটি পৰিয়াল। পিতৃ-মাতৃৰ সৈতে কণমানি কন্যা সন্তানেও অকালতে বিদায় ল’লে এই জগতৰ পৰা।

ৰাজেশ-কুসুমতা তথা কন্যা সন্তান

এই শােকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চহজনৱা এলেকাত। জানিব পৰা মতে, শনিবাৰে এক পথ দুৰ্ঘটনাত পিতৃ-মাতৃৰ লগতে কণমানি কন্যা সন্তানৰ মৃত্যু ঘটে।

বাইকেৰে যাত্ৰা কৰাৰ সময়তে অচিনাক্ত বাহনৰ খুন্দাত মাতৃৰ কােলাৰ পৰা পথত ছিটিকি পৰি প্ৰথমে মৃত্যু ঘটে কণমানিজনীৰ। আনহাতে, গুৰুতৰভাৱে আহত দম্পতীক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত মৃত্যু ঘটে।

পিতৃ ৰাজেশ

জানিব পৰা মতে, চিকিৎসকক সাক্ষাৎ কৰি বাইকেৰে তিনিও ঘৰলৈ উভতি আহিছিল। সেই সময়তে অচিনাক্ত বাহনে তেওঁলােকৰ বাইকত খুন্দা মৰাৰ ফলতে এই হৃদয় বিদাৰক ঘটনা সংঘটিত হয়।

কুসুমলতা

জীৱন আৰু মৃত্যুত সৈতে যুঁজি থকা সময়ত মাতৃ কুসুমলতাইই কণমানিজনীৰ অৱস্থাৰ বিষয়ে জানিব বিচাৰিছিল। কিন্তু কােনেও সেই সময়ত তাইৰ মৃত্যুৰ নিষ্ঠুৰ বতৰা মাতৃগৰাকীৰ জনাবলৈ সাহসেই কৰিব নােৱাৰিলে।

কণমানিজনী

চিকিৎসালয়ত কুসুমলতাৰ মৃত স্বামী ৰাজেশ পাণ্ডে, কুসুমলতা আৰু তেওঁলােকৰ ফুলকােমলীয়া সন্তানৰ মৃতদেহ একেলগে প্ৰত্যক্ষ কৰি সকলােৰে চকু সেমেকি উঠিল

দুবছৰীয়া কন্যা সন্তানেও হেৰুৱালে অভিভাৱক
উল্লেখ্য যে ঘটনাটোৰ সময়ত ৰাজেশ আৰু কুসুমলতাৰ দুবছৰীয়া কন্যা শিশু ঘৰতে আছিল।

ডাঙৰ ভায়েকৰ কোনো সন্তান নাই
ৰাজেশ পাণ্ডেৰ ডাঙৰ ভায়েকৰ কোনো সন্তান নাই। কনিষ্ঠ ভাতৃৰ সন্তানকে নিজৰ সন্তানৰ দৰে পােহপাল দিছিল ককায়েকে।

লগতে চাওকঃ

কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই

পেট্ৰ’ল পাম্পৰ সন্মুখত দুহাতত বেট্ আৰু হেলমেট্ লৈ প্ৰতিবাদ যুৱকৰ!

দুষ্প্ৰাপ্য প্ৰজাতিৰ গৰু পোৱালিৰ দৃশ্যই মোহিছে সকলোকে, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

দুঃসাহসী শিৱৰাণীৰ বাবে প্ৰাণ ৰক্ষা পৰিল কেবাজনাে বাছ যাত্ৰীৰ! নিহতৰ সংখ্যা ৫੦ অতিক্ৰম

Exit mobile version