নিৰুদ্দিষ্ট ছাত্ৰীৰ নাই কােনাে শুংসূত্ৰ, মুখ্যমন্ত্ৰীলৈ সহায়ৰ কাতৰ আহ্বান মাতৃ-ভগ্নীৰ

নিৰুদ্দিষ্ট ছাত্ৰীৰ নাই কােনাে শুংসূত্ৰ, মুখ্যমন্ত্ৰীলৈ সহায়ৰ কাতৰ আহ্বান মাতৃ-ভগ্নীৰ

September 19, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ৰহস্যজনকভাৱে বহু যুৱতী-মহিলাৰ ৰহস্যজনকভাৱে সন্ধানহীন হােৱাৰ ঘটনা সংঘটিত হৈছে।

ইয়াৰ মাজতে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বিজয়নগৰৰ পৰা সন্ধানহীন হৈছে সাবিত্ৰী চাহা নামৰ এগৰাকী ২১ বছৰীয়া ছাত্ৰী।

missing
সাবিত্ৰী চাহা

যােৱা ২৪ আগষ্টৰ পৰা সন্ধানহীন হৈ থকা যুৱতীগৰাকী দক্ষিণ কামৰূপ ছােৱালী মহাবিদ্যালয়ৰ বি এ চূড়ান্ত বৰ্ষৰ ছাত্ৰী।

এই সন্দৰ্ভত বিজয়নগৰ আৰক্ষী চকীত এজাহাৰা দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পিতৃ ৰাম বিলাস চাহাই।

উল্লেখযোগ্য যে বিগত ২৪ আগষ্টত সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল সাবিত্ৰী।

তাৰ পাছৰে পৰা ছাত্ৰী গৰাকীৰ কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰা নাই পৰিয়ালৰ লোকে।

ঘটনাৰ দিনা কলেজৰ উপৰি কম্পিউটাৰ ক্লাছ কৰিবলৈও গৈছিল যুৱতীগৰাকী।

কিন্তু সন্ধিয়া ৪.৩੦ মান বজাত ঘৰৰ পৰা ওলাই গৈ পুনৰ ঘূৰি অহা নাই সাবিত্ৰী।

যুৱতীগৰাকীৰ সন্ধান বিচাৰী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাললৈ কাতৰ আহ্বান জনাইছে মাতৃ তথা ভগ্নীয়ে।

লগতে কােনাে সদাশয় লােকে এই বিষয়ে কােনাে তথ্য লাভ কৰিলে অনতিপলমে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান পৰিয়ালৰ।