NEWS8 NE

নিৰ্বাচনত জয়ী হ’লেও ক’ভিডৰ হাতত পৰাস্ত হ’ল এজন বিধায়ক!

নিউজ ডেস্ক। নিৰ্বাচনত বিৰােধী দলৰ নেতাক পৰাভূত কৰিও ক’ভিড-১৯ ভাইৰাছৰ হাতত পৰাভূত হ’ল এজন জনপ্ৰতিনিধি।

ৰবিবাৰে ঘােষণা কৰা পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাজল সিনহাই খাৰদাহা সমষ্টিত পৰা জয়লাভ কৰিলে।

উল্লেখ্য যে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈ যােৱা ২৫ এপ্ৰিলত মৃত্যু হৈছিল কাজল সিনহাৰ।

ঘােষিত ফলাফল অনুসৰি, নিজৰ নিকটতম প্ৰতিদ্বন্দ্বীতকৈ সিন্হাই ২৮,০৪১ টা ভোট বেছি লাভ কৰিছে।

অৱশ্যে, নিয়ম অনুসৰি এই সমষ্টি বিজয়ী প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ কাৰণে সমষ্টিটো খালী হৈ থকা বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।

পুনৰ নিৰ্বচন অনুষ্ঠিত হ’ব এই সমষ্টিটোত। সেয়ে কাজল সিনহাৰ ক্ষেত্ৰত সঁচা প্ৰমাণিত হ’ল এই ‘দাতাই দিলেও বিধাতাই নিদিয়ে’ আপ্তবাক্য শাৰী।

Exit mobile version