নিৰ্বাচনৰ পূৰ্বে অসমকে ধৰি উত্তৰ পূৰ্বৰ ৪ ৰাজ্যত পুনৰ নিৰ্ধাৰণ হ’ব সমষ্টি !

নিৰ্বাচনৰ পূৰ্বে অসমকে ধৰি উত্তৰ পূৰ্বৰ ৪ ৰাজ্যত পুনৰ নিৰ্ধাৰণ হ’ব সমষ্টি !

August 27, 2020 0 By NEWS DESK

কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ-পূৱৰ চাৰি ৰাজ্যৰ বিধানসভা তথা লোকসভা সমষ্টি সমূহ পুনৰ নিৰ্ধাৰণ কৰিবলৈ দিহা কৰিছে।

যাৰ বাবে ‘Representation of Peoples Act’ৰ দফা 8Aত বিশেষ সংশোধনী অনাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই।

 কেন্দ্ৰীয় চৰকাৰে যোৱা মাৰ্চৰ ৬ তাৰিখে উত্তৰ-পূৱৰ চাৰি ৰাজ্য অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠন কৰা সমিতিখনক কাৰ্যকৰী কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ লগতে নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰ নিৰ্বাচনী আয়োগৰ প্ৰতিনিধি হিচাপে এই কমিটীত আছে।

আইন মন্ত্ৰালয়ে ইতিমধ্যে উত্তৰ পূৰ্বৰ ৪ খন ৰাজ্যৰ লগতে জম্মু-কাশ্মীৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে পুনৰ নিৰ্ধাৰণ সমিতিলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে ‘Delimitation Act 2002’ৰ যোগেদি প্ৰায় দুই দশক পূৰ্বেই সমগ্ৰ দেশত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈ গৈছিল। কিন্তু বাদ পৰি ৰৈছিল উত্তৰ পূৱৰ চাৰি ৰাজ্য।

অসমৰ বেলিকা স্থানীয় সকলো ৰাজনৈতিক দলে ইয়াৰ বিৰোধিতা কৰাত ‘Representation of Peoples Act 1950’ত 8Aৰ সংযোজন ঘটাই এই কাম বন্ধ ৰখা হৈছিল আৰু ভৱিষ্যতে এই কাম কৰিবলৈ নিৰ্বাচন আয়োগক কৰ্তৃত্ব প্ৰদান কৰা হৈছিল।

সেয়েহে কেন্দ্ৰৰ কাৰণে 8A থকালৈকে অসমৰ লগতে আন তিনি ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰাটো সম্ভৱপৰ নাছিল।

জানিব পৰা অনুসৰি, কেন্দ্ৰই প্ৰেৰণ কৰা নিৰ্দেশনাখনে ‘Representation of Peoples Act’ৰ ৮এ ধাৰাক অৱমাননা কৰে।যাৰ বাবে ‘Representation of Peoples Act’খন সংশোধন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

৮এ ধাৰা অনুসৰি, উত্তৰ পূৰ্বাঞ্চলৰ ৪ খন জিলাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো নিৰ্বাচন আয়োগৰ বিধিৰ ওপৰত নিৰ্ভৰ কৰিব।

খবৰ অনুসৰি, অসম, অৰুণাচল, মণিপুৰ আৰু নাগালেণ্ডত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে গৃহ মন্ত্ৰালয়ৰ সৈতে লগ লাগি আইন মন্ত্ৰালয়ে ‘Representation of Peoples Act’ সংশোধন কৰাৰ বাবে অনুমোদন জনাইছে।