NEWS8 NE

নূপুৰ শৰ্মাৰ পিছত হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰি এইবাৰ গ্ৰেপ্তাৰ বিজেপি বিধায়ক

নিউজ ডেস্কঃ পয়গম্বৰ হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰি সমগ্ৰ বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহৰে গৰিহণা পাইছিল বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাই। যাৰ বাবে দলৰ পৰাও নিলম্বন কৰিবলগীয়া হৈছিল নেত্ৰীগৰাকীক। এইবাৰ একেই কাৰণতে গ্ৰেপ্তাৰ কৰা হ’ল আন এগৰাকী বিজেপি নেতাক।

হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় তেলেংগানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙক। মঙলবাৰে আৰক্ষীয়ে হাইদৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে বিজেপি বিধায়কজনক।

উল্লেখ্য যে, গোছামহলৰ বিধায়ক টি ৰাজা সিঙে পয়গম্বৰ মহম্মদৰ বাবে আপত্তিজনক শব্দ ব্যৱহাৰ কৰি এটা ভিডিঅ’ সামাজিক মাধ‍্যমত শ্বেয়াৰ কৰিছিল আৰু পিছত ইয়াক এটা কৌতুক বুলি অভিহিত কৰিছিল। বিধায়কজনৰ এনে মন্তব্যৰ পিছতে ক্ষুব্ধ হৈ পৰিছে মুছলমান সংগঠনসমূহ। যাৰ ফলত বহু সংখ্যক লোকে বিধায়কজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহে।

সোমবাৰে নিশাৰ পৰা হায়দৰাবাদৰ বিভিন্ন স্থানত তেওঁৰ বিৰুদ্ধে ব‍্যাপক প্ৰতিবাদ আৰম্ভ হয়। জনতাই টি ৰাজা সিঙৰ শিৰচ্ছেদ কৰাৰ শ্ল’গান দিয়ে আৰু তেওঁক গ্ৰেপ্তাৰৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে টি ৰাজাৰ বক্তব্যক বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ সৈতে তুলনা কৰে।

বিজেপি নেতা গৰাকীৰ ‍বক্তব‍্যৰ পিছত, তেওঁৰ বিৰুদ্ধে আইপিচিৰ ২৯৫ (ক), ১৫৩ (ক) সহ কেইবাটাও ধাৰাৰ অধীনত দবিৰপুৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীকো আটক কৰে। কিন্তু ইমানৰ পিছতো প্ৰতিবাদ শাম নকটাত অৱশেষত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় বিজেপি বিধায়কজনক।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিজেপি বিধায়কজনে কমেডিয়ান মুনাৱৰ ফাৰুকীৰ বিৰুদ্ধে এটা ভিডিঅ’ মুকলি কৰিছিল। তাৰ পূৰ্বেও তেওঁ মুনাৱৰ ফাৰুকীৰ কমেডি শ্ব’ বন্ধ কৰাৰ ভাবুকি দিয়াৰ লগতে ছেটত অগ্নিসংযোগ কৰাৰ ভাবুকি দিছিল। কমেডিয়ান ফাৰুকীৰ বিৰুদ্ধে হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ কৰিছিল টি ৰাজা সিঙে।

Exit mobile version