নেতাজী সুভাষ নেশ্যনেল ইন্সটিটিউট অৱ স্প’ৰ্টছৰ বিৰুদ্ধে SAIত অভিযোগ হিমা দাসৰ !

নেতাজী সুভাষ নেশ্যনেল ইন্সটিটিউট অৱ স্প’ৰ্টছৰ বিৰুদ্ধে SAIত অভিযোগ হিমা দাসৰ !

September 8, 2020 0 By NEWS DESK

এছিয়াৰ বৃহত্তম ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটো হৈছে ভাৰতৰ পাটিয়ালাস্থিত নেতাজী সুভাষ নেশ্যনেল ইন্সটিটিউট অৱ স্প’ৰ্টছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দেশৰ আগশাৰীৰ দৌৰবিদ হিমাদাসে।

 হিমা দাসে কেন্দ্ৰটোত অতি নিম্ন মানৰ খাদ্য যোগান ধৰা বুলি অভিযোগ উত্থাপন কৰিছে।

আনকি এথলিট হিমা দাসে এই অভিযোগ সম্বলিত এক পত্ৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে হিমা দাসে খাদ্যত মানুহৰ নখ পাইছিল।

খাদ্যত মানুহৰ নখ পোৱাৰ ফ’টো তুলি কেন্দ্ৰটোৰ বিষয়াক অভিযোগ দাখিল কৰিছিল যদিও তেতিয়া কোনো ফল ধৰা নাছিল।

কিন্তু ইয়াৰ পিছত হিমা দাসে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজুজুক অভিযোগ দাখিল কৰাত মন্ত্ৰীগৰাকীয়ে SAIৰ কৰ্তৃপক্ষক এই বিষয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

মন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতে SAIৰ কৰ্তপক্ষৰ মাজত হাহাকাৰ লাগে আৰু খাদ্য পৰিদৰ্শন কমিটি গঠন কৰি দিয়ে।