নেতৃত্বৰ প্ৰতি ক্ষােভ! কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান অভিনেত্ৰী খুচবুৰ

নেতৃত্বৰ প্ৰতি ক্ষােভ! কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান অভিনেত্ৰী খুচবুৰ

October 13, 2020 0 By NEWS DESK

কংগ্ৰেছ দলৰ প্ৰতি মােহভংগ ঘটিল এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ।

তামিল চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী খুচবু সুন্দৰে ত্যাগ কৰিলে কংগ্ৰেছ দল।

কংগ্ৰেছৰ সভামেত্ৰী ছোনীয়া গান্ধীলৈ পত্ৰ লিখি দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰে খুচবুৱে।

দলৰ উচ্চ পদসমূহত এনে ব্যক্তি আছে যিসকলৰ বাস্তৱ পৰিস্থিতি বা ৰাইজৰ স’তে কোনো যোগাযোগ নাই, এই অভিযােগ খুচবুৰ।

যিসকল লোকে দলৰ বাবে প্ৰকৃতাৰ্থত কাম-কাজ কৰি আহিছে তেওঁলোকক দমন কৰি ৰখা হৈছে বুলিও ছােনিয়ালৈ লিখা পত্ৰখনত অভিযােগ কৰে খুচবুৱে।

সংবাদ মাধ্যমত খুচবুৱে ছোনীয়ালৈ লিখা পত্ৰ প্ৰকাশিত হোৱাৰ পাছতে কংগ্ৰেছে অভিনেত্ৰীগৰাকীক দলৰ মুখপাত্ৰৰ পদৰ পৰা অপসাৰণ কৰাৰ কথা ঘোষণা কৰিছিল।

তাৰ পাছতে খুচবুৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ সিদ্ধান্ত ল’লে।

অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাম-কাজ আৰু ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ বিজেপিত যোগদাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে অহা বছৰত তামিলনাডুত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু এই নিৰ্বাচনৰ পূৰ্বে খুচবুৱে কংগ্ৰেছ ত্যাগ কৰাৰ ঘটনাই ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে।

কেৱল তামিলনাডুতে নহয়, অভিনেত্ৰী হিচাপে খুচবুৰ জনপ্ৰিয়তা দক্ষিণ ভাৰতৰ আন ৰাজ্যসমূহতো যথেষ্ট পৰিলক্ষিত হৈ আহিছে।

অভিনয়ৰ ৰাজনীতিৰ লগতে তামিল নাগৰিক আন্দোলনতো সময়ে সময়ে অভিনেত্ৰীগৰাকী জডিত হৈ আহিছে।

২০১০ত ডি এম কেত যোগদানৰে ৰাজনৈতিক জীৱন আৰম্ভ কৰা খুচবুৱে ২০১৪ত কংগ্ৰেছত যোগদান কৰিছিল আৰু ইয়াৰ পাছতে তেওঁ অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ মুখপাত্ৰৰ পদ লাভ কৰিছিল।