নেপালত ভয়ংকৰ ভূমিস্খলনঃ ১১গৰাকী শিশুসহ ১৮জন লোকৰ মৃ্ত্যু ! বহু লোক সন্ধানহীন…

নেপালত ভয়ংকৰ ভূমিস্খলনঃ ১১গৰাকী শিশুসহ ১৮জন লোকৰ মৃ্ত্যু ! বহু লোক সন্ধানহীন…

August 16, 2020 0 By NEWS DESK

নেপালত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।

দেওবাৰে দেশখনৰ সিন্ধুপালচ’ক জিলাত সংঘটিত হৈছে এই ভূমিস্খলন।

ভয়ানক ভূমিস্খলনটোত ১৮ গৰাকীৰো অধিক লোক মৃত্যু হোৱাৰ লগতে বহু লোক বৰ্তমানেও সন্ধানহীন হৈ আছে।

মৃতসকলৰ মাজত ১১ গৰাকী শিশু, চাৰি গৰাকী মহিলা আৰু তিনিজন পুৰুষ আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে জিলাখনৰ যুগল গ্ৰামীণ অঞ্চলৰ লিধি গাঁৱত যোৱা শুকুৰবাৰে হোৱা ভূমিস্খলনত ৩৭ টা গৃহ ক্ষতিগ্ৰস্ত হৈছিল।

উল্লেখ্য যে লিধি গাঁও হৈছে নেপাল চৰকাৰৰ দ্বাৰা ঘোষিত আটাইতকৈ বেছি ভূমিস্খলনপ্ৰৱণ এলেকা।