নেপালৰ গোৰ্খা সম্প্ৰদায়ৰ যুৱকৰ ওপৰত অধ্যয়ন চলাব চীনে!

নেপালৰ গোৰ্খা সম্প্ৰদায়ৰ যুৱকৰ ওপৰত অধ্যয়ন চলাব চীনে!

August 19, 2020 0 By NEWS DESK


ভাৰত তথা নেপালৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা অবাঞ্ছিত পৰস্থিতিৰ পূৰ্ণ সুযোগ লোৱাৰ বাবে যেন উঠি-পৰি লাগিছে চীন।

শেহতীয়া পৰিস্থিতিৰ মাজতো নেপালৰ গোৰ্খা সম্প্ৰদায়ৰ যুৱকৰ ভাৰতীয় সেনাৰ প্ৰতি থকা দুৰ্বলতাক লৈ চিন্তিত হৈ পৰিছে চীন।

এইবাবেই চীনে গোৰ্খা যুৱকৰ মনঃস্তত্ত্ব অধ্যয়ন কৰাৰ বাবে কাঠমাণ্ডুস্থিত এটা স্বেচ্ছাসেৱী সংস্থাক বৃহৎ ধনৰাশি যোগান ধৰিছে।

গোৰ্খা সম্প্ৰদায়ৰ যুৱকে ভাৰতীয় সেনাত যোগদান কৰাৰ বাবে কিয় ইমান আগ্ৰহী সেই সম্পৰ্কে শীঘ্ৰে অধ্যয়ন কৰি স্বেচ্ছাসেৱী সংস্থাটোৱে চীনক প্ৰতিবেদন দাখিল কৰিব লাগিব।

নেপালস্থিত চীনৰ ৰাষ্ট্ৰদূত হোউ য়ানকিয়ে পোলৰ ‘চাইনা ষ্টাডী চেণ্টাৰ’ (চি এছ চি) নামৰ সংস্থাটোৰ হাতত উক্ত ধন তুলি দিয়ে।

উল্লেখ্য যে ভাৰতীয় সেনাত সাতটা গোৰ্খা ৰেজিমেণ্ট আছে।

উক্ত ৰেজিমেণ্টসমূহ প্ৰায় ২৮ হেজাৰ নেপালী নাগৰিক আছে।

ৰেজিমেণ্টৰ মুঠ বেটলিয়নৰ সংখ্যা হৈছে ৩৯টা।

মুঠতে ১১ টা গোৰ্খা ৰেজিমেণ্ট আছিল, তাৰ ভিতৰত চাৰিটা ৰেজিমেণ্ট স্বাধীনতা লাভৰ পাছত ব্ৰিটিছ সেনাত অন্তৰ্ভুক্ত হৈ পৰে।

ভাৰতত প্ৰথম, তৃতীয়, চতুৰ্থ, পঞ্চম, অষ্টম, নৱম, আৰু একাদশ গোৰ্খা ৰেজিমেণ্ট আছে।

আনফালে ব্ৰিটিছ সেনাৰ অধীনত দ্বিতীয়, ষষ্ঠ, সপ্তম আৰু দশম ৰেজিমেণ্ট আছে।