নৈত গা ধুৱলৈ গৈ ৭ বছৰীয়া শিশুৰ সলিল সমাধি

নৈত গা ধুৱলৈ গৈ ৭ বছৰীয়া শিশুৰ সলিল সমাধি

August 27, 2020 0 By NEWS DESK

বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ পানীত ডুবি বহু শিশু-কিশােৰ-কিশোৰীৰ মৃত্যুৰ ঘটনা সংঘটিত হৈ আছে।

পুনৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে মাজুলি-লখিমপুৰৰ সীমান্তৱৰ্তী লুইত-খাবলু গাঁও পঞ্চায়তৰ এলেকাধীন কাঁহি দুৱাৰ গাঁৱত।

সোৱণশিৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল ৭ বছৰীয়া কন্যা শিশুৰ।

নৈত গা ধুৱলৈ যাওঁতে নদীৰ সোঁতত উটি যায় কিশোৰী গৰাকী।

কিশোৰী গৰাকী লতং দলেৰ কন্যা সোণমণি দলে।

স্থানীয় লােকৰ প্ৰচেষ্টাত নৈৰ পৰা উদ্ধাৰ কৰা হয় শিশুটিৰ মৃতদেহ।

এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ শােকৰ ছাঁ পেলাইছে।