ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, দুৰ্গাপূজাৰ মণ্ডপত প্ৰৱেশ কৰিব নোৱাৰিব কোনো দৰ্শনাৰ্থী!

ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, দুৰ্গাপূজাৰ মণ্ডপত প্ৰৱেশ কৰিব নোৱাৰিব কোনো দৰ্শনাৰ্থী!

October 19, 2020 0 By NEWS DESK

দূৰ্গাপূজাৰ পেণ্ডেল বোৰ হ’ব দৰ্শনাৰ্থী সকলৰ বাবে ন’ এন্ট্ৰি জ’ন।

অৰ্থাৎ দুৰ্গাপূজা হ’ব কিন্তু কোনো দৰ্শনাৰ্থী প্ৰবেশ কৰিব নোৱাৰিব মণ্ডপৰ ভিতৰত।

কলিকতা উচ্চ ন্যায়ালয়ে সোমবাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে।

আদালতে কয় যে কেৱল আয়োজকসকলকহে স্থানৰ ভিতৰত থাকিবলৈ দিয়া হ’ব।

কৰ’ণা মহামাৰী বাবে ডাঙৰ পূজা পেণ্ডেলৰ বাবে বাবে ২৫ জন মানুহ ভিতৰত থকাৰ লগতে সৰু পূজা পেণ্ডেলৰ বাবে ১৫ জন মানুহ ভিতৰত থাকিব পাৰিব ।

আনহাতে পূজা মণ্ডপত থাকিব বেৰিকেড। ডাঙৰ পেণ্ডেলৰ মুখ্য স্থানৰ পৰা ১০ মিটাৰ দূৰত্বত বেৰিকেড হ’ব লাগিব, আনহাতে সৰু পূজা পেণ্ডেলৰ বাবে ৫ মিটাৰ দূৰত্বত বেৰিকেড স্থাপন কৰিব লাগিব।

উল্লেখ্য যে, কলকাতাত পূজাৰ আয়োজন কৰা হয় ৩০০০ৰো অধিক মণ্ডপত। কিন্তু ইমানবোৰ মণ্ডপত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ববে কলকাতাত থকা আৰক্ষীৰ লোকসকল যথেষ্ট নহয় বুলি ৰায়দানৰ সময়ত উল্লেখ কৰিছে ন্যায়ালয়ে।