নৱেম্বৰৰ পৰা বন্ধ হ’ব মাদ্ৰাছা শিক্ষা, ভংগ হ’ব মাদ্ৰাছা ব’ৰ্ডঃ হিমন্ত বিশ্ব শৰ্মা!

নৱেম্বৰৰ পৰা বন্ধ হ’ব মাদ্ৰাছা শিক্ষা, ভংগ হ’ব মাদ্ৰাছা ব’ৰ্ডঃ হিমন্ত বিশ্ব শৰ্মা!

October 16, 2020 0 By NEWS DESK

নবেম্বৰ মাহৰ পৰা বন্ধ হ’ব ৰাজ্যৰ মাদ্ৰাছাসমূহ।

ৰাজ্য চৰকাৰে ৰাজহুৱা ধন ব্যয় কৰি কোনো এখন বিশেষ ধৰ্মগ্ৰন্থ পঢ়িবৰ বাবে খৰচ কৰিব নোৱাৰে।

শিৱসাগৰত দিখৌ নদীৰ ওপৰত নতুন দলঙৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মন্ত্ৰী গৰাকীয়ে কয়- ‘চৰকাৰী সাধাৰণ শিক্ষালৈ ৰূপান্তৰ হ’ব মাদ্ৰাছা শিক্ষা। শিক্ষকসকল থাকিবই, কাৰো চাকৰি নাযায়। আধুনিক শিক্ষাৰ বিষয়সমূহ থাকিব, নাথাকিব ধৰ্মীয় শিক্ষা। বৰ্তমানৰ মাদ্ৰাছা নামটো গুচি সেই নামেৰেই পৰিচিত হ’ব বিদ্যালয়সমূহ। ভংগ হ’ব মাদ্ৰাছা ব’ৰ্ড। পৰীক্ষাসমূহ ছেবা আৰু কাউন্সিলৰ অধীনত হ’ব।

মন্ত্ৰী গৰাকীয়ে কয়- ‘যদিহে কোনোবাই কয় যে আমাক মাদ্ৰাছা লাগে তেতিয়াহ’লে চৰকাৰে বৈদিক বিদ্যালয়ো খুলিব লাগিব। ইয়াৰ লগে লগে বাইবেলৰ ওপৰতো শিক্ষা দিব লাগিব। গতিকে আমাৰ সন্মুখত বিকল্প দুটাই আছে হয়তু মাদ্ৰাছা বন্ধ হ’ব লাগিব নহ’লে সকলো ধৰ্মৰ স্কুল খুলিব লাগিব।’