Site icon NEWS8 NE

পঞ্জাৱ চৰকাৰৰ নতুন আইন! এটা কাৰ্যকালত নিৰ্বাচিত হােৱাৰ বাবেহে পেঞ্চন লাভ কৰিব বিধায়কে…

নিউজ ডেস্কঃ পঞ্জাৱত গৃহীত হ’ল ‘এক বিধায়ক, এক পেঞ্চন’ নীতি। ৰাজ্যখনৰ ৰাজ্যপাল বানোল বানোৱাৰীলাল পুৰোহিতে শনিবাৰে অনুমোদন জনায় ৰাজ্য চৰকাৰৰ এই নতুন বিধেয়কখনত।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইটযোগে বিধেয়কখনে ৰাজ্যপালৰ পৰা সন্মতি লাভ কৰাৰ বিষয়ে জানিবলৈ দিয়ে।

টুইটাৰত মুখ্যমন্ত্ৰী মানে লিখিছে, “মই পাঞ্জাবীসকলক জনাবলৈ পাই অতি সুখী যে মাননীয় ৰাজ্যপাল ডাঙৰীয়াই ‘এক বিধায়ক-এক পেঞ্চন’ বিধেয়কত অনুমোদন জনাইছে… ইয়াৰ পিছতে চৰকাৰে অধিসূচনা জাৰি কৰিছে। ইয়াৰ ফলত জনসাধাৰণৰ বাবে বহু পৰিমাণৰ কৰ ৰাহি হ’ব।’’

উল্লেখ্য যে, মে’ মাহত পঞ্জাৱ কেবিনেটে ‘এক বিধায়ক, এজন পেঞ্চন’ নিয়ম বলবৎ কৰাৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছিল। চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত বিধায়ক সকলে এটা কাৰ্যকালৰ বাবেহে পেঞ্চন লাভ কৰিবলৈ সক্ষম হব।

চৰকাৰৰ এই পদক্ষেপে ৰাজ্যৰ ৰাজকোষৰ প্ৰায় ১৯.৫৩ কোটি টকা ৰাহি কৰিব বুলি আশা কৰা হৈছে।

বিধেয়কখন কাৰ্যকৰী হোৱাৰ লগে লগে প্ৰতিজন বিধায়কে যি চৰ্তৰ বাবে নিৰ্বাচিত হ’ব তাক নিৰ্বিশেষে মাহে মাত্ৰ এটাকৈ পেঞ্চন লাভ কৰিব। আৰু এই পেঞ্চনৰ ধনৰাশি হ’ব ৭৫,১৫০ টকা। কিন্তু ইয়াৰ পূৰ্বে প্ৰাক্তন বিধায়কসকলে প্ৰতিমাহে ৩ লাখ টকা পৰ্যন্ত পেঞ্চন লাভ কৰিছিল।

Exit mobile version