পতঞ্জলিলৈ সকাহ! ‘ক’ৰােনিল’ ট্ৰেডমাৰ্ক ব্যৱহাৰত আঁতৰিল বাধা

পতঞ্জলিলৈ সকাহ! ‘ক’ৰােনিল’ ট্ৰেডমাৰ্ক ব্যৱহাৰত আঁতৰিল বাধা

August 27, 2020 0 By NEWS DESK

ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰৰ ৰােগ প্ৰতিৰােধী ক্ষমতা শক্তিশালী হােৱাটাে নিতান্তই প্ৰয়ােজনী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে।

শৰীৰৰ ৰােগ প্ৰতিৰােধী ক্ষমতা বৃদ্ধিৰে ক’ভিড-১৯ ভাইৰাছৰ পৰা প্ৰতিৰক্ষাৰ দাবীৰে বাবা ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদে ক’ৰােনিল নামত বিশেষ ঔষধ মুকলি কৰিছিল।

আৰম্ভণিৰেই পৰা বিতৰ্কৰ মাজত সােমাই পৰিছিল এই ঔষধ।

মুকলি হােৱাৰ পাছতে এই ঔষধৰ নামৰ ট্ৰেডমাৰ্কক লৈও আইনী যুঁজত সােমাই পৰিছিল পতঞ্জিল।

এই ট্ৰেডমাৰ্ক ব্যৱহাৰৰ বিৰুদ্ধে মাদ্ৰাছ উচ্চ ন্যায়ালয়ত পতঞ্জলিৰ বিৰুদ্ধে আইনী যুঁজত অৱতীৰ্ণ হৈছিল অৰুদ্ৰ ইঞ্জিনীয়াৰচ নামৰ কােম্পানী।

কিন্তু উচ্চ ন্যায়ালয়ত এই বিষয়টােত পতঞ্জলিক সকাহ দিয়াৰ পাছত কােম্পানীটােৱে উচ্চতম ন্যায়ালয়ত মাদ্ৰাছ হাইক’ৰ্টৰ ৰায়ৰ বিৰুদ্ধে আবেদন জনাইছিল।

কিন্তু বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদনৰ সন্দৰ্ভত ৰায় দি কয় যে এই সময় গোচৰ দিয়া সময় নহয়।

এই সময়ত সকলোৱে একেলগ হৈ কৰণা মহামাৰীৰ বিৰুদ্ধে যুঁজাৰহে সময়।

পতঞ্জলিয়ে ‘ক’ৰােনিল’ ট্ৰেডমাৰ্ক হিচাপে ব্যৱহাৰ কৰিব পাৰিব।