NEWS8 NE

পলকতে ঘটিল এটা ঘটনা, ট্ৰাকৰ চকাৰ পিষ্ট হোৱাৰ পৰা মাতৃয়ে ৰক্ষা কৰিলে সন্তানক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে? সাক্ষাৎ মৃত্যুৰ দুৱাৰদলিৰ পৰা যেন ঘূৰি আহিল মাতৃ-পুত্ৰ। আচলতে মূহুৰ্তৰ ভিতৰতে মাতৃয়ে দেখুওৱা তৎপৰাতৰ বাবেই প্ৰাণ বাচিল সন্তানটিৰ।

সামাজিত মাধ্যমত ভাইৰেল হৈ পৰিছে দুৰ্ঘটনাৰ এনে এটি লোমহৰ্ষক ভিডিঅ’। য’ত এগৰাকী মহিলাই পলকতে দেখুওৱা তৎপৰতাই জীৱন ৰক্ষা কৰে কণমানি সন্তানটিৰ। দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মহিলাগৰাকীও।

ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা পোৱা মতে, এগৰাকী বাক্তিয়ে ব্যস্ত পথত বাইকেৰে গৈ আছে। লগত আছে এগৰাকী মহিলা আৰু এটি শিশুও। বাইকৰ পিছফালে বন্ধা আছে অসংখ্য লাম-লাকটু।

ব্যক্তিজনে বাইক চলাই গৈ থকাৰ সময়তে এখন গাড়ীয়ে বাইকত লাহেকৈ খুন্দা মাৰে। যাৰ ফালত বাইকখন অলপ অনিয়ন্ত্ৰিত হৈ পিছফালে বহি থকা শিশুটি আৰু মহিলাগৰাকী ৰাজপথৰ ওপৰত বাগৰি পৰি যায়।

মহিলাগৰাকীয়ে পৰাৰ পৰা উঠিবলৈ নৌপাওতেই এখন তীব্ৰবেগী ট্ৰাক আহে। ট্ৰাকৰ প্ৰকাণ্ড চকাই শিশুটিক আৰু মহিলাগৰাকীক মহতিয়াই নিয়াৰ পূৰ্বেই অতি তৎপৰতাৰে মহিলাগৰাকীয়ে শিশুটিক বুকুৰ মাজত সাৱটি নিৰ্দিষ্ট দূৰত্বলৈ আঁতৰি দিয়ে।

মহিলাগৰাকীয়ে সেই তৎপৰতা নেদেখুওৱা হ’লে ট্ৰাকৰ তলত শিশুটি পিষ্ট হোৱাটো যেন নিশ্চিত আছিল। কিন্তু মহিলাগৰাকীৰ তৎপৰতা আৰু নেদেখা জনৰ আশীৰ্বাদতেই যেন দুয়োৰে প্ৰাণৰক্ষা পৰে।

সামাজিক মাধ্যমত নেটিজেনক অবাক কৰা এই ভিডিঅ’টো ভিয়েটনামৰ বুলি জানিব পৰা গৈছে। অৱশ্যে ভিডিঅ’টো কিছু পুৰণি যদিও পুনৰ এবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা বাবে নেটিজেনে ইশ্বৰক ধন্যবাদ জনোৱাৰ লগতে মহিলাগৰাকীয়ে দেখুওৱা তৎপৰতাৰো প্ৰশংসা কৰিছে।

Exit mobile version