পলাশবাৰীৰ দুধ কুঁৱৰী পীঠত প্ৰাক্তন মন্ত্ৰী কমলা কলিতাৰ ৫০ হাজাৰ টকাৰ অনুদান !

পলাশবাৰীৰ দুধ কুঁৱৰী পীঠত প্ৰাক্তন মন্ত্ৰী কমলা কলিতাৰ ৫০ হাজাৰ টকাৰ অনুদান !

August 30, 2020 0 By NEWS DESK

পলাশবাৰীৰ দুধ কুঁৱৰী পীঠত প্ৰাক্তন মন্ত্ৰী কমলা কলিতাৰ ৫০ হাজাৰ টকাৰ অনুদান।

শনিবাৰে পলাশবাৰী সমষ্টিৰ ৰঙামাটিৰ দুধ কুঁৱৰী পীঠত প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা কমলা কলিতা উপস্থিত হৈ নিজাববীয়াকৈ ৫০ হাজাৰ টকাৰ এক অনুদান আগবঢ়ায়।

পীঠত গৈ অগপ নেতাগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে, পলাশবাৰী সমষ্টিত অগপৰ দূৰ্গ আছিল।

কিন্তু বৰ্তমান দলটোৰ ভেটি দুৰ্বল হোৱা বাবে সমষ্টিটোৰ সকলো অঞ্চললৈ গৈ তেওঁ দলৰ ভেটি মজবুত কৰাৰ বাবে কাম কাজ কৰি আছে।

পৰবৰ্তী সময়ত যদি দলে পলাশবাৰীৰ পৰা নিৰ্বাচন খেলিবলৈ কয় অগপ নেতাগৰাকীয়ে পলাশবাৰীৰ পৰাই নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে।